সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

“ভোট কাক দিব নিজেই সিদ্ধান্ত লব,কিন্তু ভোট নিদিব বিজেপিক”

আপুনি যাক মন যায় তাকেই ভোট দিয়ক,কিন্তু ভোট নিদিব বিজেপিক৷ বিজেপি নেতাৰ বাবে তৈয়াৰ কৰা হৈছে কিছুমান প্ৰশ্ন৷ যেতিয়া বিজেপি প্ৰার্থীয়ে ভোট বিচাৰি আহিব,তেতিয়াই জনতাই সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰা হব৷ আজি ফেব্ৰুৱাৰীৰ চাৰি তাৰিখ৷ ৬ টা দিন পিছতেই অনুষ্ঠিত হব উত্তৰ প্ৰদেশৰ বিধান সভা নির্বাচনৰ প্ৰথম পর্যায়ৰ ভোটগ্ৰহণ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে জনতাৰ কাষলৈ গৈ ভোট বিচাৰি আবেদন জনাইছে৷ সকলোয়ে নিজৰ নিজৰ প্ৰতিশ্ৰুতি দোহাৰি নিজৰ পক্ষে ভোট বিচাৰিছে৷ ৰাজনৈতিক দলসমূহৰ বিপৰীতে এইবাৰ আন একাংশ লোক কাষ চাপিছে উত্তৰ প্ৰদেশৰ জনতাৰ৷ তেওঁলোকে কোৱা নাই,ভোট কাক দিব লাগে৷ তেওঁলোকে কৈছে,মাত্ৰ ভোট আপুনি বিজেপিক নিদিব৷আৰু সেইসকল লোক হৈছে দিল্লী সীমান্তত মাহ মাহ ধৰি আন্দোলন কৰি,মোদী চৰকাৰক কৃষি আইন বাতিল কৰিবলৈ বাধ্য কৰোৱা বিদ্ৰোহী কৃষক৷ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন-

- Donation -

Leave A Reply

Your email address will not be published.