“ভোট কাক দিব নিজেই সিদ্ধান্ত লব,কিন্তু ভোট নিদিব বিজেপিক”

Share This Article

আপুনি যাক মন যায় তাকেই ভোট দিয়ক,কিন্তু ভোট নিদিব বিজেপিক৷ বিজেপি নেতাৰ বাবে তৈয়াৰ কৰা হৈছে কিছুমান প্ৰশ্ন৷ যেতিয়া বিজেপি প্ৰার্থীয়ে ভোট বিচাৰি আহিব,তেতিয়াই জনতাই সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰা হব৷ আজি ফেব্ৰুৱাৰীৰ চাৰি তাৰিখ৷ ৬ টা দিন পিছতেই অনুষ্ঠিত হব উত্তৰ প্ৰদেশৰ বিধান সভা নির্বাচনৰ প্ৰথম পর্যায়ৰ ভোটগ্ৰহণ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে জনতাৰ কাষলৈ গৈ ভোট বিচাৰি আবেদন জনাইছে৷ সকলোয়ে নিজৰ নিজৰ প্ৰতিশ্ৰুতি দোহাৰি নিজৰ পক্ষে ভোট বিচাৰিছে৷ ৰাজনৈতিক দলসমূহৰ বিপৰীতে এইবাৰ আন একাংশ লোক কাষ চাপিছে উত্তৰ প্ৰদেশৰ জনতাৰ৷ তেওঁলোকে কোৱা নাই,ভোট কাক দিব লাগে৷ তেওঁলোকে কৈছে,মাত্ৰ ভোট আপুনি বিজেপিক নিদিব৷আৰু সেইসকল লোক হৈছে দিল্লী সীমান্তত মাহ মাহ ধৰি আন্দোলন কৰি,মোদী চৰকাৰক কৃষি আইন বাতিল কৰিবলৈ বাধ্য কৰোৱা বিদ্ৰোহী কৃষক৷ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন-

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.