ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা দ্ৰৌপদী মুর্মুৰ জীৱন কাহিনী

Share This Article

চাৰিটা বছৰত তিনি আত্মীয়ক হেৰুৱাইছিল তেওঁ৷ প্ৰথমে ডাঙৰ পুত্ৰক, তাৰপাছত এটা পথ দুর্ঘটনাত সৰু পুত্ৰক আৰু শেষত স্বামীক৷ তাৰপাছতো শেষ হৈ যোৱা নাছিল সকলো৷ এক কন্টকময় আৰু ট্ৰেজিক ইতিহাস পাৰ কৰি আহি তেওঁ আজি দেশৰ ৰাষ্ট্ৰপতি৷ আজি ৰাষ্ট্ৰপতি হিচাপে শপত ললে দ্ৰৌপদী মুর্মুয়ে৷

ক’ৰ পৰা কেনেকৈ আহিছিল দ্ৰৌপদী মুর্মু?

উৰিষ্যাৰ পাহাৰপুৰ গাওঁ৷ গাওঁলৈ সোমোৱা প্ৰৱেশ পথতে এতিয়া ওলমি ৰৈছে এখন আদৰনি তোৰন৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুক এই তোৰনেৰেই আদৰনি জনাইছে গাওঁবাসীয়ে৷ এই আদৰনি তোৰনৰ কাষতে আছে এটা প্ৰতিমূর্তি৷ প্ৰতিমূর্তি দ্ৰৌপদী মুর্মুৰ স্বামীৰ,যাক কেইবাবছৰ পূর্বেই অকালতে হেৰুৱাব লগা হৈছিল দ্ৰৌপদী মুর্মুয়ে৷ সেই প্ৰতিমূর্তিৰ তলতেই খোদিত হৈ ৰৈছে এষাৰি কবিতা, খালী হাতে আহিছা, খালী হাতে যাবাগৈ, সেয়েহে সদায় ভাল কাম কৰি যাবা৷
সেই আদৰনি তোৰনৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত আছে এখন বিদ্যালয়৷ নাম, শ্যাম লক্ষ্মন চিফুন উচ্চ প্ৰাথমিক আবাসিক বিদ্যালয়৷ পূর্বে এই বিদ্যালয়খন আছিল এটা পৰিয়ালৰ ঘৰ৷ ৪২ বছৰ পূর্বে এই ঘৰখনলৈ কইনাৰ সাজত আহিছিল দ্ৰৌপদী মুর্মু৷ এটা গৰু,এটা ম’হ আৰু ১৬ যোৰ কাপোৰ যৌতুক হিচাপে লৈ উৰিষ্যাৰ পাহাৰপুৰ গাওৰ সেই ঘৰখনত বোৱাৰী হৈ সোমাইছিল দ্ৰৌপদী মুর্মুয়ে৷ যদিও তেতিয়া তাত এখন দেৱাল নাছিল,নাছিল পকী চাদ, বাহঁৰ এখন সৰু দুৱাৰৰ কেঁচা ঘৰখনতেই শ্যাম চৰন মুর্মুৰ লগত সংসাৰৰ পাতনি মেলিছিল দ্ৰৌপদী মুর্মুয়ে৷
চাৰি বছৰৰ ভিতৰত দুই পুত্ৰ আৰু স্বামীক হেৰুৱাইছিল দ্ৰৌপদী মুর্মুয়ে।

২০১০ চনৰ পিছত ইটোৰ পিছত সিটো কাল অমানিশা নামি আহিছিল দ্ৰৌপদী মুর্মুৰ জীৱনলৈ৷ চাৰিটা বছৰৰ ভিতৰতেই এই মুর্মুৰ ঘৰত জ্বলিছিল তিনিটাকৈ শদেহ৷ ইয়াৰ কিছুদিন পাছতেই ডাঙৰ পুত্ৰক হেৰুৱালে দ্ৰৌপদী মুর্মুয়ে৷ বন্ধুৰ ঘৰৰ পৰা ঘূৰি আহি নিজৰ ৰুমত সোমাই থকা দ্ৰৌপদী মুর্মুৰ পু্ত্ৰক পৰবর্তী দিনা দেখা গৈছিল মৃত অৱস্থাত৷ ইয়াৰ পাছত মানসিকভাৱে ভাগি পৰিছিল দ্ৰৌপদী মুর্মু৷ ৬ মাহলৈ শোচনীয় হৈ পৰিছিল মুর্মুৰ শাৰিৰীক আৰু মানসিক অৱস্থা৷ আৰু তাৰ ঠিক দুটা বছৰ পিছতেই এটা পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে দ্ৰুপদী মুর্মুৰ সৰু পু্ত্ৰই৷ ২০১৪ চনত এক গুৰুত্বৰ ৰুগত আক্ৰান্ত হৈ মৃত্যু হৈছিল দ্ৰৌপদী মুর্মুৰ স্বামী শ্যাম চৰন মুর্মুৰ৷ চাৰিটা বছৰত তিনিটা মৃত্যুৰ সাক্ষী হৈ ৰোৱা ঘৰখন পুনৰ উজ্জীৱিত কৰি তুলিছিল দ্ৰৌপদী মুর্মুয়ে৷ নিজৰ ঘৰখনতেই গঢ় দিছিল এখন আৱাসিক বিদ্যালয়ৰ৷স্বামী আৰু দুই পুত্ৰৰ নামেৰে নামাকৰন কৰা হৈছিল বিদ্যালয়ৰ নাম, শ্যাম লক্ষ্মন চিফুন উচ্চ প্ৰাথমিক আবাসিক বিদ্যালয়৷

ট্ৰেজিক জীৱনৰ মাজেৰে কেনেকৈ চলিছিল দ্ৰৌপদী মুর্মুৰ ৰাজনৈতিক যাত্ৰা?

চাৰিটা বছৰত তিনিটা মৃত্যুয়ে ভাঙি পেলাইছিল দ্ৰৌপদী মুর্মুক৷ অৱশ্যে লাহে লাহে নিয়মীয়া মেডিটেচনৰ জৰিয়তে পুনৰ সুস্থ হৈ উঠিছিল দ্ৰৌপদী মুর্মু৷ কিন্তু এইখিনি সংঘাতপূর্ণ সময়ৰ মাজতো অব্যাহত আছিল দ্ৰৌপদী মুর্মুৰ ৰাজনৈতিক যাত্ৰা৷ ইতিমধ্যে ১৯৯৭ চনতেই পঞ্চায়ত নির্বাচনত কাউঞ্চিলৰ হিচাপে বিজয়ী হৈছিল দ্ৰৌপদী মূর্মু৷২০০০ চনত উৰিষ্যাৰ ৰাইৰঙপুৰ সমষ্টিৰ পৰা বিধায়িকা হিচাপে নির্বাচিত হয় মুর্মু৷সেইবাৰেই উৰিষ্যা চৰকাৰৰ মন্ত্ৰীত্বও লাভ কৰে দ্ৰৌপদী মুর্মুয়ে৷২০১৩ চনত দ্ৰৌপদী মুর্মু বিজেপিৰ জনজাতীয় মর্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সদস্য হিচাপে নিযুক্ত হয়৷ইয়াৰ পিছতেই ২০১৫ চনত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্ত হ’য় দ্ৰৌপদী মুর্মু৷

৪২ টা বছৰ পূর্বে এটা গৰু,এটা ম’হ আৰু ১৬ যোৰ কাপোৰ যৌতুক হিচাপে লৈ উৰিষ্যাৰ পাহাৰপুৰ গাওলৈ কইনা হৈ গৈছিল দ্ৰৌপদী মুর্মু৷পাহাৰপুৰ গাঁওৰ সেইখন ঘৰৰ পৰাই আৰম্ভ হৈছিল ৰাজনৈতিক যাত্ৰা৷ সেইখন ঘৰতেই এক ট্ৰেজিক অধ্যায় কটাইছিল দ্ৰৌপদী মুর্মুয়ে৷ এইখন ঘৰৰ পৰাই দ্ৰৌপদী মুর্মু যাত্ৰা আৰম্ভ হৈছিল ঝাৰখণ্ডৰ ৰাজ্যপালৰ পদলৈ৷ আৰু তাৰপৰাই যাত্ৰা দেশৰ সব্বোর্চ পদবী ৰাষ্ট্ৰপতিৰ পদলৈ৷ দেশৰ ৰাষ্ট্ৰপতি পদত বহা প্ৰথম গৰাকী আদিবাসী মহিলাৰ এয়াই আছিল কন্টকময় আৰু ট্ৰেজিক জীৱনগাঁঠা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.