অক্সিজেনৰ অভাৱত কিমান লোকৰ মৃত্যু হ’ল ?

Share This Article

ৰাজ্যসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰক সোধা হৈছিল যে দেশত অক্সিজেনৰ অভাৱত কিমান লোকৰ মৃত্যু হৈছে ? উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অক্সিজেনৰ অভাৱত দেশত কোনো লোকৰ মৃত্যু হোৱা নাই ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ এই উত্তৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিৰোধী শিবিৰৰ লগতে সৰ্বসাধাৰণৰ মাজত । সমান্তৰালকৈ কেন্দ্ৰীয় শাসিত আৰু ৰাজ্য চৰকাৰ সমূহে দাখিল কৰা তথ্যৰ ওপৰতো বহু প্ৰশ্ন উত্থাপিত হৈছে ।

কিয়নো , কৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত ভাৰতৰ বহু ঠাইত আনকি ৰাজধানী দিল্লীতো অক্সিজেনৰ অভাৱত হোৱা মৃত্যুৰ বহুকেইটা বাতৰিয়ে শিৰোনাম দখল কৰিছিল । তেনে পৰিস্থিতিত  ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে দিয়া উত্তৰক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। চৰকাৰৰ এনে মিথ্যাচাৰ উদঙাই দিবলৈ  বিগত সময়ছোৱাত প্ৰকাশিত কেইটামান বাতৰিয়ে যথেষ্ট ৷
বিগত ১ মে’ত  অক্সিজেনৰ অভাৱত ৰাজধানী দিল্লীত ১২ জনকৈ ৰোগীৰ  মৃত্যু হৈছিল বুলি ‘ টাইমচ অৱ ইণ্ডিয়া’ত বাতৰি প্ৰকাশ হৈছিল। একেটা মাহতে গোৱাত সাধাৰণ চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল ৮০ জন লোকৰ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপট্টিত ১১ গৰাকী কোভিড ৰোগীয়ে আইচিইউত অক্সিজেনৰ যোগান বন্ধ হৈ যোৱাৰ বাবেই মৃত্যুক সাৱটিব লগা হৈছিল। হাইদৰাবাদৰ এখন চিকিৎসালয়তো ২ ঘন্টাৰ অক্সিজেন যোগান ব্যহত হোৱাৰ বাবে বহু ৰোগীৰ মৃত্যু হয়  । এয়া মাত্ৰ কেইটামান উদাহৰণহে৷ এনে অজস্ৰ বাতৰিয়ে যোৱা সময়ছোৱাত সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছিল ৷ কিন্তু তাৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অক্সিজেনৰ অভাৱত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি কৰা মন্তব্যক কঠোৰ সমালোচনা কৰিছে বিৰোধী দল কংগ্ৰেছে৷
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালেও স্বাস্থ্যমন্ত্ৰী গৰাকীৰ উত্তৰৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে শাসকীয় চৰকাৰখনক সমালোচনা কৰি কয় যে চৰকাৰখনে কোনো সত্য চাব আৰু শুনিব নোৱাৰে ৷প্ৰাক্তণ কেন্দ্ৰীয় মন্ত্ৰী কপিল শিৱালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বিষয়টোৰ তদন্তৰ দাবী জনাইছে।শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতেও মৃত্যুৰ পৰিসংখ্যা লুকুওৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ কৰিব লাগিব যে, দিল্লী উচ্চ ন্যায়ালয়ে অক্সিজেনৰ অভাৱত মৃত্যু হোৱাৰ বাবে কেন্দ্ৰক কেইবাবাৰো ভৰ্ৎসনা কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়েও মন্তব্য কৰিছিল যে অক্সিজেন যোগান নধৰাটো চৰকাৰৰ এটা গুৰুতৰ অপৰাধ আৰু ই গণহত্যাতকৈ কোনো গুণেই কম নহয়। সংবাদমাধ্যমৰ ধাৰাবাহিক বাতৰি , ন্যায়ালয়ৰ কঠোৰ নীৰিক্ষণৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ এই উত্তৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.