CUET ক বৰ্জনৰ দাবী SFI ৰ

Share This Article

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট(CUET)ৰ জৰিয়তে হ’বলগীয়া নামভৰ্তিৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই), অসম ৰাজ্যিক কমিটিয়ে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ এই সিদ্ধান্তৰ ফলত কটনত উচ্চ শিক্ষা গ্ৰহণৰ পৰা বহু ছাত্ৰ – ছাত্ৰী বঞ্চিত হ’ব আৰু দুৰ্ভাগ্যজনকভাৱে অসমতেই অসমৰ ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ভোগ ভুগিব লাগিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি কটন বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ পৰা আৰম্ভ হ’ব চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু ইয়াৰ আধাৰতে প্ৰস্তুত কৰা হ’ব নতুন পাঠ্যক্ৰম। এই চাৰিবছৰীয়া স্নাতক ডিগ্ৰীত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে কমন ইউনিভাৰ্ছিটি এন্ট্ৰেন্স টেষ্ট(CUET) ত অৱতীৰ্ণ হ’ব লাগিব আৰু এই পৰীক্ষা নেচনেল ষ্টেটিং এজেঞ্চী( NTA)য়ে পৰিচালনা কৰিব। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কথা সুকীয়া কিন্তু ৰাজ্যিক বিশ্ববিদ্যালয় এখনত ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গৰিষ্ঠ সংখ্যক আসন সংৰক্ষণ নকৰাকৈ CUETৰ অধীনত পৰীক্ষা পতাতো কোনো কাৰণতে মানি ল’ব নোৱাৰি। উচ্চতৰ মাধ্যমিকত ভাল নম্বৰ এটা লৈ স্নাতক পাঠ্যক্ৰম কটনৰ দৰে এখন শিক্ষানুষ্ঠানত পঢ়াৰ মন ৰাজ্যৰ সৰহসংখ্যক ছাত্ৰ ছাত্ৰীৰে থাকে আৰু অসমৰ অতি ভিতৰুৱা অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ বা ছাত্ৰী এগৰাকীৰো প্ৰথম পছন্দ হৈছে কটন বিশ্ববিদ্যালয়। এতিয়া CUET অনুষ্ঠিত হ’লে কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ত অন্য ৰাজ্যৰ ছাত্ৰ – ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ পাব আৰু অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ ক্ষেত্ৰত এক ভীষণ বৈষম্যৰ মুখামুখি হ’বলগীয়া হ’ব। ‘অল ইণ্ডিয়া চাৰ্ভে অন হায়াৰ এডুকেচন’ ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ১৮-২৩ বছৰ বয়সৰ প্ৰতি এক লাখ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে অসমত মহাবিদ্যালয়ৰ সংখ্যা মাত্ৰ ১৬খন ।যিটো দেশৰ ভিতৰতে সৰ্বনিম্ন । এতিয়া CUETয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব। ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক ৰাজ্যতে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাহিৰে অন্য ৰাজ্যিক বিশ্ববিদ্যালয় যেনে পশ্চিম বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়,প্ৰেচিডেন্সী, পাঞ্জাব বিশ্ববিদ্যালয়, অস্মানিয়া বিশ্ববিদ্যালয়, কালিকাট বিশ্ববিদ্যালয়, কেৰালা বিশ্ববিদ্যালয় আদি আজি পৰ্যন্ত CUET অধীনত পৰীক্ষা অনুষ্ঠিত হোৱা নাই। ( চৰকাৰৰ ৱেচাইত https://cuet.samarth.ac.in/index.php/app/info/universities উপলব্ধ তথ্য অনুসৰি) কটনক বাদ দি দেশৰ মাত্ৰ ২৭খন ৰাজ্যিক বিশ্ববিদ্যালয়েহে CUET ৰ জৰিয়তে নামভৰ্তি কৰিব। মন কৰিলগীয়া যে দেশত মুঠ ২৬৭ খন UGC ৰ 12B স্বীকৃতি থকা ৰাজ্যিক বিশ্ব বিদ্যালয় আছে। উল্লেখযোগ্য যে নিৰ্দিষ্ট আন্তঃগাঁথনি আৰু শিক্ষক থাকিলে এখন কলেজ বা বিশ্ববিদ্যালয়ে 12B স্বীকৃতি পায় আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি পাবলৈ সক্ষম হয়।
অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহক CUET ৰ অন্তৰ্ভুক্ত হ’বলৈ২৮ জানুৱাৰী,২০২৩ তাৰিখে উচ্চ শিক্ষা সঞ্চালকালয় নিৰ্দেশনা জাৰি কৰিছিল আৰু ৮ ফেব্ৰুৱাৰী,২০২৩ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ Executive Council এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পিছত যোৱা ২৩ ফেব্ৰুৱাৰী,২০২৩ তাৰিখেহে কটন বিশ্ববিদ্যালয় CUET ৰ অন্তৰ্ভুক্তি হোৱাৰ ৰাজহুৱা নিৰ্দেশনা জাৰি কৰিছে। ইমান কম সময়ৰ ভিতৰত এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ সিদ্ধান্ত গ্ৰহণ কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। তাৰোপৰি এক গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ১২ মাৰ্চলৈ CUET ৰ প্ৰ-পত্ৰ পুৰণৰ শেষ তাৰিখ কিন্তু মাৰ্চৰ ২৫ তাৰিখলৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থাকিব। সেয়ে CUET ত অন্তৰ্ভুক্তিৰ ফলত সৃষ্টি হ’ব লগা বৈষম্যৰ ফলত বহু ছাত্ৰ ছাত্ৰীয়ে কটনত ছীট পোৱাৰ পৰা বঞ্চিত হোৱাৰ আগতেই এক বুজন সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্র-পত্ৰ পূৰণৰ সুবিধাৰ পৰাই বঞ্চিত হ’বলগীয়া হ’ব।

এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ নামভৰ্তি CUET ত জৰিয়তে অনুষ্ঠিত কৰাৰ এনে বৃহৎ এক সিদ্ধান্তৰ হঠাৎ গ্ৰহণ কৰাৰ পূৰ্বে শিক্ষা বিভাগ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই
অসমৰ শৈক্ষিক আৰু বৌদ্ধিক মহল, ছাত্ৰ সংগঠন, শিক্ষক সংগঠন, ছাত্ৰ – ছাত্ৰী, অভিভাৱক সকলোৰে সৈতে আলোচনা কৰাৰ প্ৰয়োজন আছিল কাৰণ কটন বিশ্ববিদ্যালয়ৰ সৈতে অসমৰ ভৱিষ্যত মেধাৱী প্ৰজন্মৰ এটাৰ শৈক্ষিক বিকাশৰ বিষয়টো নিৱিৰভাৱে জড়িত । এটা কেন্দ্ৰীয় পৰীক্ষাৰ জৰিয়তে নামভৰ্তি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত শিক্ষাৰ কেন্দ্ৰীয়কৰণক শক্তিশালী কৰাৰ এক অপচেষ্টা মাথোঁ। তাৰ সলনি কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আন্তঃগাথঁনি, শিক্ষক নিযুক্তি, পাঠ্যক্ৰমৰ গুণগত মান উন্নত কৰা আৰু আসনৰ সংখ্যা বৃদ্ধি কৰাত মনোনিৱেশ কৰাৰ প্ৰয়োজন যাতে অসমৰ চুকে-কোণে থকা সকলো শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰী বেছিকৈ উপকৃত হয়। উল্লেখযোগ্য যে শিক্ষা এক সমৱৰ্ত্তী সূচী (concurrent list)ত সন্নিৱিষ্ট বিষয় আৰু সেয়ে ৰাজ্যসমূহৰ অধিকাৰ আৰু চাহিদা যাতে পূৰণ হয় তালৈও লক্ষ্য ৰাখিব লাগিব।

এনে প্ৰেক্ষাপটত CUET ৰ জৰিয়তে কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ত নামভৰ্তি প্ৰক্ৰিয়া আগুৱাই নিয়াৰ সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবী উত্থাপন কৰিলোঁ আৰু সকলো ছাত্ৰ – ছাত্ৰী, শিক্ষক, অভিভাৱক, বিভিন্ন সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক CUET ৰ অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনালোঁ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.