CPI (M)ৰ সমাবেশ নগাঁৱত

Share This Article

নগাঁৱত চি পি আই(এম)ৰ জন সমাবেশ৷ সমস্যাৰ গৰাহৰ পৰা সৰ্বসাধাৰণক উদ্ধাৰ কৰাৰ দাবীৰে হৈছে এই সমাৱেশ।ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মাৰ্ক্সবাদীৰ ৰাজ্যিক সমিতিয়ে সোমবাৰে নগাঁৱত এক জন সমাবেশ অনুষ্ঠিত কৰে ।ইয়াৰ সৈতে সংগতি ৰাখি দলটোৱে নগাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদলো উলিয়ায়। জনসাধাৰণৰ সমস্যা সমাধানত শাসনাধিষ্ঠিত চৰকাৰী পক্ষৰ ব্যৰ্থতাৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ কৰ্মীয়ে।এই জন সমাবেশৰ জৰিয়তে দলটোৱে মূল্যবৃদ্ধি ৰোধ কৰা,NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখা,বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰা আদি দাবী উত্থাপন কৰে।নগাঁৱৰ এই কাৰ্যসূচীত দলটোৰ ৰাজ্যিক নেতৃত্বৰ লগতে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰো উপস্থিত থাকে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.