কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ?

Share This Article

কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ? ভেকচিন গ্ৰহণকাৰীসকলৰ বাবে ই এটা উত্তৰ বিহীন প্ৰশ্ন ৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি ১০ গৰাকী চিকিৎসকে এক সমীক্ষা চলায় কলকাতাৰ পিয়াৰলেছ হাস্পতালত ৷ সমীক্ষাৰ ফলাফল অনুসৰি , দুয়োটা ভেকচিনৰে ফলাফল সমান ৷ সমানেই কাৰ্যকৰী দুয়োটা ভেকচিন ৷ আনহাতে , ভেকচিন লোৱাৰ পাছত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰতো দুয়োটা ভেকচিনৰ ফলাফল একেই ৷ এপ্ৰিল আৰু জুন মাহত হাস্পতালখনৰ ক্ৰিটিকেল কেয়াৰ ইউনিটৰ ২৯৪ জন ৰোগীৰ মাজত এই সমীক্ষা চলোৱা হৈছিল ৷ এওলোকৰ মাজত ১৬ জন কোভাক্সিন আৰু ৭৮ জন কোভিশিল্ড লোৱা ব্যক্তি আছিল ৷ কোভিশিল্ড লোৱা আক্ৰান্তৰ সংখ্যা বেছি হ’লেও চিকিৎসকে প্ৰকাশ কৰা মতে , কোভাক্সিনতকৈ বেছি সংখ্যক লোকক কোভিশিল্ড ভেকচিন দিয়া হৈছে ৷ গতিকে এই তাৰতম্য অতি নগন্য ৷ এই ৰোগীসকলৰ ভিতৰত ৪০ জন অৰ্থাৎ ১৩ .৬ শতাংশৰ মৃত্যু হয় ৷ ইয়াৰে তিনিজনে দুটা ড’জ আৰু ১০ জনে এটা ড’জ ভেকচিন লৈছিল ৷দুটা ড’জ লোৱাকেইজনৰ দুজনে কোভিশিল্ড আৰু এজনে কোভাক্সিন ভেকচিন লৈছিল ৷ গতিকে চিকিৎসকসকলে ক’ব বিচাৰে যে গুৰুতৰ কোভিড ৰোগীসকলৰ মাজত ভেকচিনৰ কাৰ্যকৰীতাৰ কোনো বিশেষ তাৰতম্য নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.