সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক’ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে কভিড-১৯ত। মৃত্যু হৈছে ১১ জনকৈ ৰোগী। ৰাজ্যত পজিটিভিটিৰ হাৰ বৃদ্ধি পাইছে ১২.৬২ শতাংশলৈ। সৰ্বাধিক কামৰূপ(ম)তেই বিগত ২৪ ঘণ্টাত ২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ভিডত। আৰোগ্যৰ হাৰ ৯৪.৩৯ শতাংশ। লগতে ৰাজ্যৰ ৫ খন জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ। কামৰূপ মে’ট্ৰ, কাছাৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

Leave A Reply

Your email address will not be published.