ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

Share This Article

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক’ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে কভিড-১৯ত। মৃত্যু হৈছে ১১ জনকৈ ৰোগী। ৰাজ্যত পজিটিভিটিৰ হাৰ বৃদ্ধি পাইছে ১২.৬২ শতাংশলৈ। সৰ্বাধিক কামৰূপ(ম)তেই বিগত ২৪ ঘণ্টাত ২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ভিডত। আৰোগ্যৰ হাৰ ৯৪.৩৯ শতাংশ। লগতে ৰাজ্যৰ ৫ খন জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ। কামৰূপ মে’ট্ৰ, কাছাৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.