পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত

Share This Article

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত হৈছে। ভাৰতত যোৱা ২৪ ঘণ্টাত কোভিড-১৯ৰ ১,১৭,১০০ জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩০২ জনৰ। আনহাতে, ৩০০৭ জন ৰোগী আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন, দিল্লীত ৪৬৫ জন, কৰ্ণাটকত ৩৩৩ জন, ৰাজস্থানত ২৯১ জন,  কেৰালাত ২৮৪ জন আৰু গুজৰাটত ২০৪ জন ৰোগী আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে ৩৬,২৬৫ জন ৰোগী কোভিডত আক্ৰান্ত হৈছে।  যোৱা ২৪  ঘণ্টাত মুম্বাইত ৩১.৭ শতাংশ বৃদ্ধি হৈছে কোভিড ৰোগী সংখ্যা। আনহাতে, অসমতো দিনে-দিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত সংখ্যা। বৃহস্পতিবাৰৰ দিনতোত ৩৬৯ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.