চৰকাৰে লুকুৱাইছে তথ্য : ভাৰতত ক’ৰোণাত ৪৯ লাখৰ মৃত্যু

Share This Article

কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত ভাৰতত চৰকাৰী পৰিসংখ্যাই কোৱাৰ দৰে ৪ লাখ নহয় , মৃত্যু হৈছে  ৪৯ লাখ লোকৰ ৷ জুন মাহৰ শেষলৈ দেশখনত ক’ৰোণাত আক্ৰান্ত হৈ এই বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে ৷ এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ৱাশ্বিঙটনৰ আন্তৰ্জাতিক গৱেষণা প্ৰতিষ্ঠান চেন্টাৰ ফৰ গ্লোবেল ডেভল’পমেন্টে৷ দেশৰ প্ৰাক্তণ মুখ্য অৰ্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্ৰমণিয়ামকে ধৰি কেবাগৰাকীও আগশাৰীৰ বিশেষজ্ঞই প্ৰস্তুত কৰা প্ৰতিবেদনখনৰ মতে ক’ৰোণাৰ দ্বিতীয় ঢৌত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰীভাবে কম দেখুওৱা হৈছে ৷ দেশ বিভাজনৰ পাছত ই ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙত ট্ৰেজেডী ৷ চৰকাৰী তথ্য আৰু ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা তথ্যৰ আধাৰত যুগুতোৱা প্ৰতিবেদনখনৰ মতে  ক’ৰোণাৰ দ্বিতীয় ঢৌ অতি আকস্মিকভাৱে আহিছিল আৰু ইয়াৰ পূৰ্বানুমান কৰিব নোৱাৰা বাবেই এই ভয়াবহ দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হ’ল দেশখন ৷ এই প্ৰতিবেদনৰ বাবে মুঠ ৮ . ৬৮ লাখ লোকৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল ৷ তদুপৰি নাগৰিক পঞ্জীয়ন ব্যৱস্থা অনুসৰি , ক’ৰোণাৰ দ্বিতীয় ঢৌৰ সময়ত কেৱল সাতখন ৰাজ্যতে মৃত্যু হৈছিল ৩৪ লাখতকৈ অধিক লোকৰ ৷ কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই তথ্য গাপ দি ৰাখিছে ৷ ইফালে , বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে কয় যে অতিৰিক্ত মৃত্যুৰ তথ্য সংগ্ৰহ কৰাটো প্ৰতিখন দেশৰ বাবেই দৰকাৰী বিষয় ৷ প্ৰকৃত তথ্য সংগ্ৰহ কৰিলেহে স্বাস্থ্যখণ্ডৰ উপযউক্ত পৰিকাঠামো গঢ়ি তুলিব পৰা যাব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.