সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেঘালয়ত নিষিদ্ধ চি বি আই তদন্ত !

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত বাধা আৰোপ কৰা মেঘালয় দেশৰ নৱমখন ৰাজ্যত পৰিণত হৈছে ৷
২০১৫ চনত মিজোৰাম চৰকাৰে প্ৰথমতে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পাছত মহাৰাষ্ট্ৰ , পঞ্জাৱ , ৰাজস্থান , পশ্চিমবংগ , চট্টিছগড় আৰু কেৰালাই চি বি আই তদন্তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰে ৷

কোৱা হৈছে যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাতৃ তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী জেমছ চাংমাৰ বিৰুদ্ধে বিৰোধী দলসমূহে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ সৌভাগ্য আঁচনি ৰূপায়নত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপণ কৰি কংগ্ৰেছে ইয়াৰ চি বি আই তদন্তৰ দাবী উত্থাপণ কৰিছে ৷ সেইবাবেই জেমছ চাংমাৰ সুৰক্ষাৰ বাবে মেঘালয় চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.