শ্ৰেণী সম্পাদনা মেজ

নূন্যতম ৯৯ টকাৰ ঠাইত নাজিৰাখাটত টোলকৰ নিৰ্ধাৰণ ১৪০ টকা

এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান আৰু মূল দায়িত্বই হ’ল নাগৰিকসকলক নূন্যতম প্ৰয়োজনীয় সুবিধাখিনি উপলব্ধ কৰোৱা৷ এই সুবিধাৰ ভিতৰত নিশ্চয় নিৰাপদে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰাৰ সুবিধাও উপলব্ধ হ’ব লাগে৷ কিন্তু ভাৰতৰ শেহতীয়া যাতায়ত ব্যৱস্থা ইমানেই খৰচী হৈ পৰিছে…

গৰুয়ে নিশ্বাসত এৰে অক্সিজেন! ন্যায়াধীশে এয়া কি ৰায় দিলে?

ভাৰতৰ ন্যায়পালিকা কি স্তৰলৈ অৱনমিত হৈছে, সেয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ভাষণেই উদঙাই দিলে৷ দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ এক শাখা সংগঠনৰ বৈঠকত ভাষণ দি ন্যায়াধীশ শ্বেখৰ যাদৱে কৈ দিলে যে ভাৰত দেশ ইয়াৰ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব৷ এইগৰাকী ন্যায়াধীশে কেৱল…

লিলিৰ বৈঠকে নহয়, বিকল্প অসমৰ নক্সাইহে বিৰোধীক দিব সফলতা

আকৌ বৈঠক বহিছে হোটেল লিলিত৷ এই লিলি হোটেলৰ বৈঠকতে গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ৷ পৰৱৰ্তী সময়ত যাক অভিহিত কৰা হৈছিল ‘অসম সন্মিলিত মৰ্চা’ চমুকৈ অ.স.ম. হিচাপে৷ সেই লিলিতেই এদিন ভংগ হৈ যায় ‘অ.স.ম.’৷ উপ-নিৰ্বাচনৰ পাছত আকৌ কংগ্ৰেছক সামৰি অ.স.ম. গঠনৰ কুচকাৱাজ…

মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত নাজল-নাথল অৱস্থা জনতাৰ। অসমতো কালিৰ দিনটোত…

চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া বৈদেশিক সম্পৰ্ক৷ বাংলাদেশত গ্ৰেপ্তাৰ…

গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?

THE CROSSCURRENT TAKE ২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে৷ যদিও…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া চূড়ান্ত অস্বচ্ছ,…

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি এমৰ বিৰুদ্ধে দেশজুৰি অভিযান চলোৱাৰ কথা…

৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ

নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ পছন্দৰ ব্যক্তিক অনায়াসে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিব পাৰিব৷

‘দ্য ক্ৰছকাৰেন্ট’ৰ দৰ্শক – পঢ়ুৱৈলৈ সম্পাদকৰ চিঠি

দ্য ক্ৰছকাৰেন্টৰ প্ৰতিগৰাকী দৰ্শক , পঢ়ুৱৈক অতি আক্ষেপেৰে জনাও যে  গুৱাহাটী মহানগৰীৰ প্ৰতিকূল বতৰ আৰু কৃত্ৰিম বানে আমাৰ কাৰ্যালয় বুৰাই ৰখাৰ  বাবে কাৰ্যালয়ৰ কামকাজ বিগত তিনিদিন ধৰি ব্যাহত হৈ আছে ৷ যাৰ বাবে আমি আমাৰ ভিডিও প্ৰতিবেদনসমূহো প্ৰস্তুত কৰিব পৰা…