কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া চূড়ান্ত অস্বচ্ছ, ই ভি এম সন্দেহৰ আৱৰ্তত, কিন্তু তাৰ পাছত এইটোও সত্য যে কংগ্ৰেছে ভবা ধৰণে তেওঁলোকৰ অনুকূলে কোনো বতাহ বলা নাই৷ এই সাধাৰণ বাস্তৱক কংগ্ৰেছে এতিয়াও অনুধাৱন কৰিব পৰা নাই অথবা দলটোৰ ৰণনীতিকাৰসকল এতিয়াও এক ধৰণৰ বিভ্ৰমৰ স্বীকাৰ হৈ আছে৷ যাৰ বাবে লোকসভা নিৰ্বাচনৰ পাছৰ পৰা দলটোৱে সহযোগীসকলক আওকাণ কৰিবলৈ আৰম্ভ কৰিছে৷ শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পাছত দেশৰ এগৰাকী প্ৰখ্যাত সাংবাদিক শেখৰ গুপ্তাই কংগ্ৰেছৰ শেহতীয়া গতি বিধি সন্দৰ্ভত এক সময়োচিত বাখ্যা আগবঢ়াইছে৷ শেখৰ গুপ্তাই বাখ্যা কৰিছে কিদৰে বিজেপি আৰু কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম পালন কৰে৷ তেওঁ এন ডি এৰ উদাহৰণ দি কৈছে যে ১৯৯৮ চনত যেতিয়া প্ৰথম এন ডি এ গঠন হৈছিল, অটল বিহাৰী বাজপেয়ী আছিল মিত্ৰজোঁটৰ আটাইতকৈ ডাঙৰ নেতা৷ কিন্তু এন ডি এৰ সমন্বয়কৰ দায়িত্ব দিয়া হৈছিল সমতা পাৰ্টীৰ জৰ্জ ফাৰ্ণাণ্ডেজক৷ একেদৰে নৰেন্দ্ৰ মোদীৰ উত্থানৰ সময়তো এন ডি এৰ সমন্বয়কৰ দায়িত্বত আছিল চন্দ্ৰবাবু নাইডু৷ ২০১৮ চনত এন ডি এৰ পৰা বিচ্ছিন্ন হোৱাৰ আগলৈ তেওঁ বিজেপি মিত্ৰজোঁটৰ সমন্বয়কৰ দায়িত্ব পালন কৰিছিল৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বত লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা ইণ্ডিয়া মিত্ৰজোঁটত আৰম্ভণিৰে পৰা সমন্বয়কৰ পদক লৈ অৰিয়াঅৰি অব্যাহত থাকিল৷ নীতিশ কুমাৰে সমন্বয়কৰ পদ লাভ নকৰা বাবেই ইণ্ডিয়া এৰি এন ডি এলৈ উভতি গ’ল৷ তাৰ পাছত নিৰ্বাচন পাৰ হ’ল৷ আজিও ইণ্ডিয়া মিত্ৰজোঁটৰ না এটা কাৰ্যালয় আছে , না আছে এগৰাকী সমন্বয়ক৷ কংগ্ৰেছ দলে ভাবে যে মিত্ৰদলক সামান্য সুযোগ দিলেই   তেওঁলোকে কংগ্ৰেছৰ ভেটি মাটি দখল কৰিব ৷ এই মানসিকতাৰ বাবেই হাৰিয়ানাত কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হ’ল বুলি শেখৰ গুপ্তাই মন্তব্য কৰে৷ তেওঁৰ মতে হাৰিয়ানাৰ ১১ টা সমষ্টিত মুছলমান ভোটাৰৰ প্ৰভাৱ আছে৷ ইয়াৰে ১০ টাতেই বিজেপি বিজয়ী হ’ল৷ যদিহে সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ থকা কেইটামান সমষ্টি কংগ্ৰেছে সমাজবাদী পাৰ্টীক এৰি দিলেহঁতেন আৰু অখিলেশ যাদৱ প্ৰচাৰত নামিলহঁতেন, তেনেহ’লে হয়তো কংগ্ৰেছে অন্য এক ফলাফল লাভ কৰিলেহেঁতেন৷ একেদৰে আম আদমী পাৰ্টীৰ লগত মিত্ৰতা কৰিলেও কেজৰিৱালৰ দৰে শক্তিশালী কেম্পেইনাৰ কংগ্ৰেছে লাভ কৰিলেহেঁতেন৷ কিন্তু কংগ্ৰেছে ভাবে যে সহযোগীসকলৰ অভিপ্ৰায়  তেওঁলোকৰ স্থান দখল কৰা৷ সেইবাবেই কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া মিত্ৰজোঁটে আজিও পূৰ্ণতা লাভ নকৰিলে৷

যদিও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছৰ ভূমিকাক লৈ শেখৰ গুপ্তাই এই বিশ্লেষণ কৰিছে, তাৰ প্ৰতিফলন দেখা গ’ল অসমৰ শেহতীয়া উপ নিৰ্বাচনতো৷ মাত্ৰ এখন আসনক কেন্দ্ৰ কৰি ভংগ কৰি দিয়া হ’ল অসমৰ বিৰোধী মিত্ৰজোঁট৷ প্ৰশ্নটো যদিও বিহালী সমষ্টিক লৈ আছিল, শেষ পৰ্যন্ত এয়া হৈ পৰিল কংগ্ৰেছৰ সহযোগী দলসমূহৰ বাবে  আত্মসন্মানৰ বিষয়৷ চৰ্চা অনুসৰি, সাংসদ গৌৰৱ গগৈয়ে একক কৰ্তৃত্বৰে বিজেপি ত্যাগী জয়ন্ত বৰাক উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে৷ কিন্তু তাৰ পূৰ্বে তেওঁ অসমত কংগ্ৰেছৰ সহযোগী দলসমূহৰ নেতৃত্বৰে টেলিফোনিক বাৰ্তালাপ পৰ্যন্ত নকৰিলে৷ হয়তো গৌৰৱ গগৈৰ হস্তক্ষেপে বা কংগ্ৰেছৰ আলোচনাৰ পদক্ষেপে আন আন বিৰোধী দলসমূহকো সহমতলৈ আনিব পাৰিলেহেঁতেন৷ তেতিয়া আন বিৰোধী নেতাসকলকো কংগ্ৰেছে প্ৰভাৱশালী কেম্পেইনাৰৰ ৰূপত লাভ কৰিলেহেঁতেন৷  কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা শেষ পৰ্যন্ত তেনে কোনো পদক্ষেপ লোৱা নহ’ল৷ যাৰ ফলত উপ নিৰ্বাচনতেই বিৰোধী মিত্ৰজোঁট ভংগ হৈ পৰিল৷ যিদৰে এ আই চি চিয়ে যে মিত্ৰতাক এটা গঠনমূলক ৰূপ দিলেই মিত্ৰদলে তেওঁলোকৰ ভোটবেংক দখল কৰিব বুলি ভাবে, ঠিক এ পি চি চিয়েও সহযোগী দলসমূহক অসমৰ ৰাজনীতিত সামান্য সুযোগ দিবলৈ ইচ্ছুক নহয়৷ কংগ্ৰেছৰ এই সামন্তীয় মনোভাৱৰ বাবেই বিৰোধী ৰাজনীতি এতিয়াই ধুৱলী–কুঁৱলী হৈ পৰিছে৷ জনতাৰ আস্থাৰ তুলাচনীত উঠাৰ আগতেই বিৰোধী শিবিৰত চৰম অবিশ্বাসৰ বাতাবৰণৰ সূচনা হৈছে৷ যিয়ে বিজেপিক অধিক উৎফুল্লিত কৰি তুলিছে৷ কংগ্ৰেছে এই বাস্তৱতাক যিমান সোনকালে বুজি উঠিব, তাৰ ওপৰতে অসমৰ বিৰোধী ৰাজনীতিৰ অনাগত ভৱিষ্যত নিৰ্ভৰ কৰিব৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296