আজি কৃষকসকলৰ দেশজুৰি পালন “বিশ্বাসঘাতকতা দিৱস”

Share This Article

আজি কৃষকসকলৰ দেশজুৰি পালন “বিশ্বাসঘাতকতা দিৱস”। কেন্দ্ৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ পোৱা অভিযোগ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৃষি সমস্যাক লৈ আজি দেশজুৰি ‘বিশ্বাসঘাতকতা দিৱস’ পালন কৰাৰ কথা ঘোষণা কৰে৷  উত্তৰ ভাৰতীয় কৃষক সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে দাবী কৰে যে, যোৱাবৰ্ষৰ ৯ ডিচেম্বৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিপত্ৰৰ ভিত্তিত দিল্লীৰ সীমাত এবছৰধৰি চলি থকা প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হৈছিল। কিন্তু, আন্দোলন প্ৰত্যাহাৰৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ বৰ্তমানো অসম্পূৰ্ণ হৈ আছে।
আনহাতে, উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে পালন কৰিবলৈ লোৱা বিশ্বাসঘাটতকা দিৱসৰ জৰিয়তে ৰাজ্য দুখনৰ নিৰ্বাচনৰ ফলাফলত যে প্ৰভাৱ পেলাব সেয়া নিশ্চিত৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.