পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?

Share This Article

পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰী যোগানৰ নিৰ্দেশ লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইম আৰু জি আৰ ডি ফাৰ্মাচিউটিকেলছে ৷ এই তিনিওটা প্ৰতিষ্ঠানে আন প্ৰতিষ্ঠানতকৈ অধিক দৰত ঠিকা লাভ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৯৯০ টকা দৰত ৫০০০ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল যদিও সময়মতে পি পি ই কীট যোগান ধৰিব নোৱাৰাত যোগানৰ নিৰ্দেশ বাতিল কৰা হয় ৷ এই সময়ছোৱাত তেওঁ মাত্ৰ ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ২০২০ চনৰ ১৮ মাৰ্চত দিয়া যোগানৰ নিৰ্দেশ ৬ এপ্ৰিলত বাতিল কৰে এন এইচ এমৰ সঞ্চালকে ৷ ইয়াৰ মাজতে ২০২০ চনৰ ২৬ মাৰ্চত জে চি বি ইণ্ডাষ্ট্ৰীজৰ হৈ উৎপল বৰুৱাই ১৪৮৫ টা পি পি ই কীট চি এছ আৰৰ অধীনত এন এইচ এমক প্ৰদান কৰা বুলি জানিবলৈ দিয়ে আৰু ২৭ মাৰ্চত এন এইচ এমৰ সঞ্চালকে ইয়াৰ প্ৰাপ্তি স্বীকাৰো কৰে ৷ এই সমগ্ৰ ঘটনাৱলী অতি ৰহস্যজনক ৷ কিন্তু ৰিণিকি ভূঞা শৰ্মাই যে পি পি ই কীটৰ ঠিকা লৈ সময়মতে যোগান ধৰাত যে ব্যৰ্থ হৈছিল , সেয়া এন এইচ এমে দিয়া যোগান আৰু বাতিলৰ নিৰ্দেশেই প্ৰমাণ কৰে ৷
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ বাতৰিত এই কথা স্পষ্ট হৈ পৰাৰ পাছত টুইটাৰৰ মাধ্যমত এক স্পষ্টীকৰণ আগবঢ়াই ৰিণিকি ভূঞা শৰ্মাই কয় যে তেওঁ অশেষ কষ্ট কৰি প্ৰায় ১৫০০ পি পি ই কীট এন এইচ এমক যোগান ধৰিছিল ৷ পাছত এক পত্ৰযোগে এই পি পি ই কীটখিনি চি এছ আৰ ৰূপে প্ৰদান কৰা বুলি জনাইছিল ৷ ইয়াৰ বিনিময়ত ৰিণিকি ভূঞা শৰ্মাই এপইচাও আদায় লোৱা নাই বুলি জানিবলৈ দিয়ে ৷

reaction_riniki_bhuyan_covid_file
ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে সেইটো সময়ত সকলো মানুহে ড’নেশ্যন দিছিল ৷ যিটো সময়ত পি পি ই কীট দিছিল , হাস্পতালত এটাও পি পি ই কীট নাছিল ৷ যিয়ে এটাও পি পি ই কীট দিছিল , তেওঁক ভৰিত ধৰি সেৱা কৰিবলৈ বাকী ৷ সেইটো সময়ত এক পইচা নোলোৱাকৈ দান দিছিল ৷
কিন্তু দ্য ক্ৰছকাৰেন্টে লাভ কৰা আৰ টি আই তথ্যত স্পষ্ট হৈ আছে যে ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজক এন এইচ এমে ৯৯০ টকা দৰত ৫ হাজাৰ পি পি ই কীট যোগানৰ নিৰ্দেশ দিছিল ৷ সেয়া স্পষ্টকৈ এখন প্ৰকিউৰমেন্ট অৰ্ডাৰ আছিল ৷

jcb_procurement_copy_covid_file
ৰিণিকি ভূঞা শৰ্মাক পি পি ই কীটৰ ঠিকা প্ৰদানৰ নিৰ্দেশ

আনহাতে যিসকল লোকে নিজে অনুদান হিচাপে পি পি ই কীট , মাস্ক বা আন সামগ্ৰী দান হিচাপে প্ৰদান কৰিছিল , তাত প্ৰকিউৰমেন্টৰ কথা লিখা নাছিল , স্পষ্টকৈ এনে যোগানৰ ক্ষেত্ৰত চি এছ আৰ হিচাপে উল্লেখ আছিল ৷ এন এইচ এমৰ ইনভেন্টৰী মেনেজমেন্ট চিষ্টেমত উপলব্ধ তথ্য অনুসৰি , এন এইচ এমৰ অ’ এছ ডি পমী বৰুৱাই ২০০ টা পি পি ই কীট দান দিছিল ৷ এই যোগানৰ নথিত চি এছ আৰ বুলি উল্লেখ থকাৰ বিপৰীতে পি পি ই কীটৰ দামৰ বিষয়ে কোনো উল্লেখ নাই ৷

crosscurrent
পমী বৰুৱাই ২০০ পি পি ই কীট দান দিয়াৰ নথি, য’ত পি পি ই কীটৰ বিপৰীতে দামৰ উল্লেখ নাই

এই দুয়োখন নথি ভালদৰেই চালেই বুজিব পাৰিব যে ৰিণিকি ভূঞা শৰ্মাক দিয়া যোগানৰ নিৰ্দেশত প্ৰতিটো পি পি ই কীটৰ দৰ আৰু কেতিয়া যোগান ধৰিব লাগিব , সেই বিষয়ে স্পষ্টকৈ উল্লেখ আছে ৷ ইয়াৰ বিপৰীতে , পমী বৰুৱাৰ যোগানৰ নথিত দামৰ কোনো উল্লেখ নাই ৷ আছে চি এছ আৰৰ কথা ৷ গতিকে , ৰিণিকি ভূঞা শৰ্মাই যে ১৮ মাৰ্চ , ২০২০ ত পি পি ই কীট যোগানৰ ঠিকা লৈছিল তাত কোনো সন্দেহ নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.