নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

Share This Article

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব , আকৌ ফুলগুৰিৰ ধেৱা হ’ব ৷ – গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক নি:শেষ কৰিবৰ বাবে গাঁৱত ঘৰ সাজিলে , দোকান দিলেও কৰ আদায়ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচাৰিছে ৷ আনকি সাংস্কৃতিক অনুষ্ঠান , বিহু আদি পাতিলেও পঞ্চায়তৰ অনুমতি লোৱাৰ নতুন নীতি প্ৰৱৰ্তন কৰিছে ৷ ব্ৰিটিছ চৰকাৰে যেনদৰে অসমৰ ওপৰত বাৰে বাৰে কৰ জাপি দিছিল , তেনেদৰে বিজেপি চৰকাৰেও কৰৰ বোজা জাপি দি অসমীয়া জাতিক নি:শেষ কৰিব খুজিছে ৷ গতিকে ইয়াৰ বিৰুদ্ধে আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব , ফুলগুৰিৰ ধেৱা হ’ব ৷ ইপিনে , অসম চৰকাৰৰ নতুন পঞ্চায়ত কৰৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰবল প্ৰতিবাদ গঢ়ি তুলিব বুলিও তেও সদৰী কৰে ৷উল্লেখ্য যে নতুন পঞ্চায়ত কৰৰ বিৰুদ্ধে আজি বিধানসভাৰ মজিয়াত ফেষ্টুন প্ৰদৰ্শন কৰি অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.