সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব , আকৌ ফুলগুৰিৰ ধেৱা হ’ব ৷ – গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক নি:শেষ কৰিবৰ বাবে গাঁৱত ঘৰ সাজিলে , দোকান দিলেও কৰ আদায়ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচাৰিছে ৷ আনকি সাংস্কৃতিক অনুষ্ঠান , বিহু আদি পাতিলেও পঞ্চায়তৰ অনুমতি লোৱাৰ নতুন নীতি প্ৰৱৰ্তন কৰিছে ৷ ব্ৰিটিছ চৰকাৰে যেনদৰে অসমৰ ওপৰত বাৰে বাৰে কৰ জাপি দিছিল , তেনেদৰে বিজেপি চৰকাৰেও কৰৰ বোজা জাপি দি অসমীয়া জাতিক নি:শেষ কৰিব খুজিছে ৷ গতিকে ইয়াৰ বিৰুদ্ধে আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব , ফুলগুৰিৰ ধেৱা হ’ব ৷ ইপিনে , অসম চৰকাৰৰ নতুন পঞ্চায়ত কৰৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰবল প্ৰতিবাদ গঢ়ি তুলিব বুলিও তেও সদৰী কৰে ৷উল্লেখ্য যে নতুন পঞ্চায়ত কৰৰ বিৰুদ্ধে আজি বিধানসভাৰ মজিয়াত ফেষ্টুন প্ৰদৰ্শন কৰি অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Leave A Reply

Your email address will not be published.