নির্বাচনমুখী আছিল নেকি এই বাজেট?

Share This Article

বাজেট দাখিলৰ এদিন পূর্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংবাদিকক সম্বোধন কৰি কৈছিল,নির্বাচন আহি থাকিব,কিন্তু বাজেট অতি গুৰুত্বপূর্ণ৷কিন্তু এই কথা সত্য যে,নির্বাচনৰ পূর্বে দাখিল হোৱা প্ৰতিখন বাজেটতে নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহক বিশেষভাবে গুৰুত্ব প্ৰদান কৰা হয়৷উদাহৰণ স্বৰুপে,২০২১ চনৰ অসম বিধানসভা নির্বাচনৰলৈ মাত্ৰ এটা মাহ বাকী থকা অবস্থাত দাখিল হৈছিল সাধাৰণ বাজেট ৷নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাজেটত অসম আৰু পশ্চিম বংগ চাহ শ্ৰমিকৰ বাবে ধার্য কৰা হৈছিল এক হাজাৰ কোটি টকাৰ পুজি৷ইয়াৰ ওপৰিও এক হাজাৰ কিলোমিটাৰ পথ নির্মানৰ বাবে ধার্য কৰা হৈছিল ৩৪ হাজাৰ কোটি টকা৷এইবাৰো তাৰ ব্যতিক্ৰম ঘটা নাই৷বিহাৰ উত্তৰ প্ৰদেশ আদিৰ ৰাজ্যত নিযুক্তি সন্দর্ভত ব্যাপক আন্দোলন অব্যাহত থকাৰ মাজতে আৰু আটাইকেইখন ৰাজ্যতে নিবনুৱা সমস্যাই বিশেষ গুৰুত্ব লাভ কৰাৰ সময়ত সাধাৰণ বাজেটত উল্লেখ কৰা হৈছে ৬০ লাখ চাকৰিৰ প্ৰসংগ৷এইয়া মাথো এটা উদাহৰণহে৷কিন্তু ইয়াৰ পৰা বিজেপি ৫ ৰাজ্যৰ নির্বাচনত লাভাম্বিত হবনে?চাও আহক বিগত ১৫ বছৰত ১৪ ৰাজ্যত অনুষ্ঠিত ৪২ টা নির্বাচনৰ ফলাফলৰ ইতিহাস৷

উদাহৰণ এক৷২০০৬ চনৰ তামিলনাডু নির্বাচনৰ পৰা৷তামিলনাডু নির্বাচনৰ প্ৰাকক্ষণত সংসদত দাখিল হৈছিল বাজেট৷সেই সময়ত কেন্দ্ৰত আছিল কংগ্ৰেছ চৰকাৰ৷সেই নির্বাচনত তামিলনাডুত কংগ্ৰেছে লাভ কৰিছিল ৩৪ খন আসন৷ইয়াৰ পূর্বে কংগ্ৰেছৰ দখলত আছিল মাত্ৰ ৭ খন আসন৷অর্থাৎ সেই নির্বাচনত কংগ্ৰেছ সফল হৈছিল৷
উদাহৰণ দুই৷২০১৭ চন৷আন চাৰি ৰাজ্যৰ ওপৰিও ১১ ফেব্ৰুৱাৰীৰ পৰা নির্বাচন আৰম্ভ হৈছিল পঞ্জাবত৷তাৰ ঠিক দহদিন পূর্বে অর্থাৎ ১ ফেব্ৰুৱাৰীত সংসদত দাখিল হৈছিল বাজেট৷তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ৷সেইবাৰ বিজেপিয়ে পঞ্জাবত লাভ কৰিলে মাত্ৰ ৩ খন আসন৷ইয়াৰ পূর্বে পঞ্জাবত বিজেপিৰ দখলত আছিল ১২ খন আসন৷অর্থাৎ নির্বাচনৰ পূর্বে বাজেট দাখিল কৰি পঞ্জাবত বিফল হৈছিল বিজেপি৷
উদাহৰণ তিনি৷২০২১ চনত আন চাৰি ৰাজ্যসহ নির্বাচন অসমত৷অসমত নির্বাচন অনুষ্ঠিত হৈছিল এপ্ৰিল মাহত৷সংসদত বাজেট দাখিল হৈছিল এটা মাহ পূর্বে ফ্ৰেবুৱাৰী মাহত৷বিজেপিয়ে নির্বাচনত ৬০ খন আসন লাভ কৰিলে৷ইয়াৰ পূর্বেও বিজেপিৰ হাতত আছিল ৬০ খন আসন৷বাজেটে এই নির্বাচনত কোনো প্ৰভাব পেলাব নোৱাৰিলে৷

আমি বিশ্লেষন কৰিম এনে ১৪ খন ৰাজ্যৰ প্ৰসংগ,যি ১৪ খন ৰাজ্যৰ বিধানসভা নির্বাচনৰ পূর্বে সংসদত দাখিল হৈছিল কেন্দ্ৰীয় বাজেট৷৪২ টা নির্বাচনৰ ভিতৰত নির্বাচনৰ পূর্বে বাজেট দাখিল কৰি ১৮ টা নির্বাচনত ক্ষমতা হেৰুৱাইছিল শাসকীয় দলে৷ইয়াৰ পৰিবর্তে ১৩ টা নির্বাচনত সফল হৈছিল শাসকীয় দল আৰু ১১ টা নির্বাচনত পৰা নাছিল কোনো প্ৰভাব৷আমি উল্লেখ কৰা ৪২ নির্বাচনৰ ভিতৰত,নির্বাচনৰ পূর্বে বাজেট দাখিল কৰি কংগ্ৰেছ ৪ বাৰ লাভাম্বিত হোৱাৰ বিপৰীতে মুখঠেকেচা খাইছিল ১৫ বাৰ৷আনাতে নির্বাচনৰ প্ৰাকমূহূর্ত্বত বাজেট দাখিল কৰি ৯ বাৰ লাভাম্বিত হোৱাৰ বিপৰীতে,মুখঠেকেচা খাইছিল ৩ বাৰ৷গড় হিচাপত নির্বাচনৰ আগত বাজেট দাখিল কৰি শাসকীয় দল ১৩ বাৰ লাভাম্বিত হোৱাৰ বিপৰীতে মুখঠেকেচা খাইছিল ১৮ বাৰ৷ইয়াৰ বিপৰীতে ১১ টা নির্বাচনত বাজেটৰ কোনো প্ৰভাবেই পৰা নাছিল৷এনে এক প্ৰেক্ষাপটত এই বাজেটে কেন্দ্ৰ শাসনাধীন বিজেপিক ৫ ৰাজ্যৰ নির্বাচনত সহায় কৰিব পাৰিবনে নাই,সেইয়া সন্দেহৰ বিষয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.