নাগালেণ্ডত পুনৰ আন্দোলন আফস্পা আইন বাতিলক লৈ

Share This Article

আফস্পা আইন বাতিলক লৈ নাগালেণ্ডত আন্দোলন। ৩০ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰে। এই কাৰ্যক প্ৰতিবাদ জনাই অহা ১০ জানুৱাৰীত ডিমাপুৰৰ পৰা ক’হিমালৈ প্ৰায় ৭২ কিলোমিটাৰ জোৰা বিশাল গণ প্ৰতিবাদী সমদল আয়োজন কৰিছে নগা জনসাধাৰণে। গণ প্ৰতিবাদী সমদলৰ আহবায়ক কোভথো কেৰাই কয় যে, কেন্দ্ৰই নাগালেণ্ডৰ পৰা আফস্পা আইন আংশিকভাৱে প্ৰত্যাহাৰ বাবে যি সমিতিৰ গঠন কৰিছে তাক লৈ নগা জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া হৈছে । বিশেষকৈ কেন্দ্ৰই অটিঙ ঘটনাৰ তদন্ত চলি থকা মাজতে পুনৰ আৰু ছমাহলৈ নাগালেণ্ডক অশান্ত এলেকা ঘোষণা কৰাকলৈ ক্ষুব্ধ হৈ পৰিছে । সেয়ে নাগালেণ্ডৰ পৰা আফস্পা আইন সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ দাবী জনাই অহা ১০ জানুৱাৰীত ডিমাপুৰৰ পৰা কহিমালৈ বিশাল গণ সমদল আহবান কৰিছে । ১০ জানুৱাৰী দিনা নাগালেণ্ডৰ হাজাৰ হাজাৰ জনতা আৰু ছাত্ৰ ছাত্ৰীয়ে ডিমাপুৰৰ চাৰি মাইল জংছনৰ পৰাই আফস্পা বাতিলৰ দাবী জনাই ৰাজধানী ক’হিমালৈ পদযাত্ৰা আৰম্ভ কৰিব। লগতে   ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ হাতত প্ৰধানমন্ত্ৰী লৈ আফস্পা আইন নাগালেণ্ডৰ পৰা সম্পূৰ্ণকৈ বাতিল কৰিবলৈ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.