মিত্ৰতা বিচাৰি নৰেন্দ্ৰ মোদীয়ে শাৰদ পাৱাৰক কি কৈছিল?

Share This Article

পঞ্জাৱ, উত্তৰ প্ৰদেশকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। শাসক-বিৰোধী প্ৰতিটো দলেই লিপ্ত হৈছে তীব্ৰ বাকযুদ্ধকত। নিৰ্বাচনৰ ধুমুহাৰ মাজতেই ইণ্ডিয়ান এক্সপ্ৰেছৰ মাৰাঠী কাকতত প্ৰকাশ পোৱা এটা খবৰ অনুসৰি শাৰদ পাৱাৰক ২০১৯ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি দলৰ সৈতে মিত্ৰতা কৰিবলৈ কৈছিল ৷ কিন্তু এন চি পিৰ মুৰব্বী শাৰাদ পাৱাৰে এয়া সম্ভৱ নহয় বুলি মোদীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ৷পাৱাৰে কফি টেবুল বুক মুকলি অনুষ্ঠানত এই কথা কয়। মোদীৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ পাছতেই ২০১৯ ৰ নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপি আৰু শিৱসেনাৰ মাজত মিত্ৰতা হৈছিল আৰু কংগ্ৰেছ আৰু এনচিপিয়ে একেলগে যুঁজ দিছিল।বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী পদক লৈ শিৱসেনাৰ লগত হোৱা মনোমালিন্যৰ বাবে শিৱসেনাৰ লগত মিত্ৰতা ভংগ কৰে বিজেপিয়ে। লগতে পাৱাৰে কয় যে তেওঁ গান্ধী, নেহৰু আৰু যশৱন্ত ৰাও চৱনৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। কংগ্ৰেছে দলৰ সভাত মুকলিকৈ মতামত প্ৰকাশ কৰাৰ বাবে তেওঁক ছয় বছৰৰ বাবে নিলম্বিত কৰিছিল। তাৰ পিছত নিজৰ পক্ষ ৰাখিবৰ বাবে এখন মঞ্চ প্ৰদান কৰাটো জৰুৰী হৈ পৰিছিল যদিও কেতিয়াও গান্ধী, নেহৰু আৰু যশৱন্তৰ আদৰ্শ এৰি যোৱা নাই বুলি পাৱাৰে মন্তব্য কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.