সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

RTI কৰ্মীৰ ওপৰত বৰ্বৰতা।হাতুৰীৰে কোবাই হাত-ভৰি ভাঙি ভৰিত মাৰিলে গঁজাল।

আৰটিআই কৰ্মী অথবা আৰটিআই Activist সকলৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শত কোৱা হৈছে যে যদি এজন আৰটিআই কৰ্মীক ভাবুকি দিয়া হয় বা আক্ৰমণ কৰা হয়, তেন্তে বিষয়টোত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে, এনে গোচৰবোৰ ডি.এম. আৰু এছ.পি.-ৰ তত্বাৱধানত তদন্ত কৰা হ’ব।কিন্তু গৃহ মন্ত্ৰালয়ৰ এই কঠোৰ স্থিতিৰ পাছতো, দেশত আৰটিআই কৰ্মীসকলৰ ওপৰত আক্ৰমণ বন্ধ হোৱা নাই।
ৰাজস্থানৰ বাৰ্মাৰত এজন আৰটিআই কৰ্মীৰ সৈতে সংঘটিত হোৱা এটা বৰ্বৰ ঘটনা পোহৰলৈ আহিছে। প্ৰথমতে RTI কৰ্মীজনক অপহৰণ কৰা হৈছিল, তাৰ পিছত তেওঁৰ হাত-ভৰি ভাঙি পেলোৱা হৈছিল। ইণ্ডিয়া টুডেৰ সাংবাদিক দিনেশ বোহৰাৰ মতে,RTI Activist জনৰ ভৰিত হাতুৰীৰে আঘাত কৰা হৈছিল।তেওঁৰ দোষ এটাই আছিল যে তেওঁ তেওঁৰ গ্ৰাম পঞ্চায়তত হোৱা দুৰ্নীতি আৰু অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযোগ আনিছিল।
কিছুদিনৰ আগতে তেওঁ গাওঁখনত এনে ৰেগাৰ অধীনত পথ নিৰ্মাণত হোৱা অনিয়মৰ বিষয়ে আৰটিআইৰ জৰিয়তে তথ্য বিচাৰিছিল।এই বিষয়টোতে ক্ষোভিত হৈছিল পঞ্চায়ত প্ৰতিনিধি নাগৰাজ।নাগৰাজে অঞ্চলতোত অবৈধভাৱে সুৰাও বিক্ৰী কৰে, যাৰ বিষয়েও RTI কৰ্মীজনে অভিযোগ কৰিছিল।সেয়ে এই ঘটনাটো তেওঁৰ নিৰ্দেশতই সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
উল্লেখযোগ্য যে ভাৰত বৰ্ষত তথ্য জনাৰ অধিকাৰ আইন প্ৰযোজ্য হৈছিল ২০০৫ চনত।আৰু ২০০৫ চনৰ পৰা বৰ্তমানলৈকে ভাৰত বৰ্ষত ৯৫ গৰাকী RTI কৰ্মীক হত্যা কৰা হৈছে।১৭৫ টা আক্ৰমণ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হৈছে আৰু ১৮৬ টা হাৰাশাস্তি আৰু ভাবুকি সম্পৰ্কীয় ঘটনা পোহৰলৈ আহিছে।
ৰাজস্থানৰ বাৰমেৰত বৰ্বৰ আক্ৰমণৰ সন্মুখীন হোৱা আৰটিআই কৰ্মী অমৰামক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰ্তমান চিকিৎসা কৰি থকা হৈছে। শৰীৰত যথেষ্ট গুৰুতৰ আঘাত হৈছে। আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু তেওঁলোকক কৰায়ত্ত কৰিবলৈ চাৰিটা দল গঠন কৰিছে।কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কঠোৰ স্থিতিৰ পাছতো RTI কৰ্মীৰ জীৱন সুৰক্ষিত নোহোৱাটোহে অত্যন্ত পৰিতাপৰ কথা হৈ পৰিছে।

Leave A Reply

Your email address will not be published.