ভাৰতীয় টকাৰ নোট ছপা কৰোতে কিমান টকা খৰচ হয়?

Share This Article

২০০০ টকা নোট ছপা কৰাৰ ব্যয় ৪ টকাতকৈ কম, বাকী নোটবোৰো ৰিজাৰ্ভ বেঙ্কে ছপা কৰে হস্তাতে।
গুলপীয়া নোটটোৰ মূল্য ২০০০ টকা। কিন্তু ইয়াক মুদ্ৰণ কৰিবলৈ, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ব্যয় ২০২০ চনৰ হিচাপ অনুসৰি মাত্ৰ ৩ টকা ৫৪ পইচা। ৫০০ টকাৰ নোট ছপা কৰাৰ খৰচ আৰু কম।প্ৰতিটো ৫০০ টকাৰ নোট ছপা কৰোতে খৰছ হয় ২ টকা ৯৪ পইচা। কিন্তু ২০০ টকাৰ নোটত খৰছ তাতকৈ অলপ বেছি। প্ৰতিটো নাটত খৰছ হয় ২ টকা ৯৩ পইচা।
বিত্ত মন্ত্ৰালয়ে ভাৰতত ১ টকীয়া নোট ছপা কৰিছে। আন সকলো নোট ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা মুদ্ৰণ কৰা হয়।১ ৰ পৰা ২০০০ টকাৰ সকলো নোট ৰিজাৰ্ভ বেংকৰ জৰিয়তে বজাৰলৈ আহে। বহুতে ভাবিব পাৰে যে যেতিয়া ইমান কম খৰচ হয়, তেওঁলোকে যিমান বিচাৰে সিমান অধিক নোট ছপা কৰিব পাৰি। কিন্তু অৰ্থনীতি অংকৰ ইমান সহজ নহয়। নিয়ম অনুসৰি, ৰিজাৰ্ভ বেঙ্কে যিমান পৰিমাণৰ টকা ছপা কৰিব একে পৰিমাণৰ সম্পত্তি নিজৰ ওচৰত সংৰক্ষণ কৰিব লাগিব।তাৰো আকৌ বেলেগ বেলেগ ভাগ আছে। ধৰি লওঁক ৰিজাৰ্ভ বেংকে ২০০ কোটি টকাৰ নোট ছপা কৰিব।ইয়াৰ বাবে, শীৰ্ষ বেংকক ১১৫ কোটি টকাৰ সোণ আৰু ৮৫ কোটি টকাৰ বৈদেশিক মুদ্ৰা সংৰক্ষণ কৰাটো এক নিয়ম।ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনে প্ৰকাশ কৰিছে যে ভাৰতত বিভিন্ন মূল্যৰ নোট ছপা কৰিবলৈ কেনেদৰে ব্যয় হয়।প্ৰতিবেদনত ছপা কৰা নোটৰ পৰিমাণ আৰু মুঠ ব্যয়ৰ এক অৱলোকন কৰা হয়।তাৰ পৰাই গণনা কৰি দেখা যায় ছপা কৰোঁতে নোট অনুযায়ী ব্যয় হোৱা খৰছ।
ভাৰতৰ মুঠ চাৰিটা স্থানত নোট ছপা কৰাৰ প্ৰেছ আছে। ইয়াৰে চাৰিটাৰ ভিতৰত দুটা কেন্দ্ৰীয় চৰকাৰৰ আৰু দুটা ৰিজাৰ্ভ বেংকৰ। চৰকাৰী প্ৰেছ দুটা আছে মহাৰাষ্ট্ৰৰ নাছিক আৰু মধ্য প্ৰদেশৰ দেওয়াসত।আৰু ৰিজাৰ্ভ বেংকৰ প্ৰেছ দুটা অৱস্থিত কৰ্ণাটকৰ মাইচুৰু আৰু পশ্চিম বংগৰ শালবানীত।’কইন’ প্ৰস্তুত হয় মুম্বাই, হায়দৰাবাদ, কলকাতা আৰু নয়ডাৰ চাৰিটা টকাশালত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.