ইউ এ পি এ আইন : গ্ৰেপ্তাৰ ১৯৪৮ , দোষী সাব্যস্ত কেৱল ৩৪

Share This Article

আন ল ফুল এক্টিভিটিজ প্ৰিভেনছন এক্ট চমুকৈ ইউ এ পি এৰ অধীনত ২০২০ চনত দেশত ১,৩২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ২০১৯ চনত এই আইনৰ অধীনত ১, ৯৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷ তেও লগতে সদৰী কৰে যে ইউ এ পি এৰ অধীনত ২০১৮ চনত ১,৪২১ গৰাকী , ২০১৭ চনত ১৫৫৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ২০১৬ চনত এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা আছিল ৯৯৯ ৷লক্ষণীয় কথাটো হ’ল ইউ এ পি এ আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা লোকৰ ভিতৰত ২০১৯ চনত ৩৪ গৰাকী আৰু ২০২০ চনত মাত্ৰ ৩৪ গৰাকী লোককহে আদালতে দোষী সাব্যস্ত কৰিছে ৷ সেইবাবেই এই আইনৰ অপপ্ৰয়োগ এতিয়া সমালোচনাৰ বিষয় হৈ পৰিছে ৷ অভিযোগ উঠিছে যে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ বা চৰকাৰবিৰোধী কণ্ঠ ৰোধ কৰিবলৈ ইউ এ পি এ আইনৰ ব্যাপক অপপ্ৰয়োগ কৰা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.