কংগ্ৰেছ অবিহনে নহয় , কংগ্ৰেছৰ নেতৃত্বতো নহয় – বিৰোধী ৰাজনীতিৰ এই সমীকৰণ কাৰ্যত: স্পষ্ট হৈ উঠিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ বৈঠকৰ পাছতে দিল্লীৰ ক্ষমতাৰ অলিন্দত এই কথাই প্ৰতিধ্বনিত হৈছে ৷ চৰ্চা চলিছে যে মমতা বেনাৰ্জী আৰু শাৰদ পাৱাৰ এটা কথাত সহমতত উপনীত হৈছে যে কংগ্ৰেছক বাদ দি দেশত বিৰোধী মহাজোঁট গঠন কৰাটো সম্ভৱ নহয় , একেদৰে কংগ্ৰেছৰ নেতৃত্বতো মহাজোঁটত চামিল হ’ব পৰা নাযাব ৷ যদিহে নতুনকৈ বিৰোধী ঐক্য গঠন হয় , তেনেহ’লে আন পাঁচটা আঞ্চলিক দলৰ নিচিনাকৈ কংগ্ৰেছো এই জোঁটৰ অংশীদাৰ হ’ব লাগিব ৷ কংগ্ৰেছ আৰু বিজেপিৰ যিসমূহ আসনত পোনপটীয়া প্ৰতিদ্বন্দিতা আছে , তাত আন দলসমূহে কংগ্ৰেছক সহায় কৰিব ৷ আনহাতে , যিসমূহ ৰাজ্যত বিজেপিৰ মূল প্ৰতিদ্বন্দী হ’ল আঞ্চলিক দল ,তাত কংগ্ৰেছে এৰা ধৰা কৰিব লাগিব ৷ এই নীতিৰেই বিৰোধী দলসমূহৰ মিত্ৰজোট গঠনৰ পোষকতা কৰিছে মমতা বেনাৰ্জী আৰু শাৰদ পাৱাৰে ৷
আৰ্হি হিচাপে তেওলোকে তুলি ধৰিব বিচাৰিছে পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰক ৷ পশ্চিমবংগত লোকসভাৰ আসন আছে ৪২ খন আৰু মহাৰাষ্ট্ৰৰ আসনৰ সংখ্যা হ’ল ৪৮ ৷মুঠ ৯০ খন লোকসভা আসনত তৃণমূল কংগ্ৰেছ , এন চি পি আৰু শিৱসেনাই বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব ৷ একেদৰে ৰাজস্থান , চট্টিছগড় ,হাৰিয়ানা , গুজৰাটৰ দৰে ৰাজ্যৰ ১২০-১৪০ খন আসনত ,য’ত কংগ্ৰেছ –বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দিতা হয় , তাত বিজেপিক প্ৰতিদ্বন্দিতাৰ দায়িত্ব ল’ব লাগিব কংগ্ৰেছে ৷ বিগত লোকসভা নিৰ্বাচনত দেখা গৈছিল যে কংগ্ৰেছ – বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দিতা হোৱা মুঠ ১৮৬ খন আসনৰ ১৭০ খনতেই বিজয়ী হৈছিল বিজেপি ৷ ২০১৪ চনৰ তুলনাতো ১০ খন আসন কমকৈ লাভ কৰিছিল কংগ্ৰেছে ৷ এনে পৰিস্থিতিত কংগ্ৰেছৰ একছত্ৰী নেতৃত্ব মানি ল’বলৈ অস্বীকাৰ কৰিছে আঞ্চলিক দলসমূহে ৷ নিজৰ নিজৰ অঞ্চলত কোনে বিজেপিক কেনেদৰে প্ৰতিহত কৰিবলৈ সক্ষম হয় , তাৰ ওপৰতে মহাজোটৰ নেতৃত্ব নিৰূপন কৰা হ’ব৷ গতিকে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ আৰ্হিকে মহাজোটৰ চালিকা শক্তি হিচাপে তুলি ধৰিব বিচাৰিছে মমতা বেনাৰ্জী আৰু শাৰদ পাৱাৰে ৷ তাৰেই ইংগিত পোৱা গৈছে প্ৰশান্ত কিশোৰৰ বৃহস্পতিবাৰৰ চাঞ্চল্যকৰ টুইটতো ৷ য’ত তেও মন্তব্য কৰিছিল যে কংগ্ৰেছে যি ভাৱনা আৰু স্থানক প্ৰতিনিধিত্ব কৰে , সেয়া বিৰোধী ৰাজনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৷ কিন্তু কংগ্ৰেছৰ নেতৃত্ব এজন ব্যক্তিৰ ঈশ্বৰপ্ৰদত্ত অধিকাৰ নহয় ৷ বিশেষকৈ দলটোৱে যেতিয়া বিগত ১০ বছৰত ৯০ শতাংশ নিৰ্বাচনত পৰাজিত হৈছে৷গতিকে বিৰোধীৰ নেতৃত্ব কোনে ল’ব , গণতান্ত্ৰিকভাৱে তাৰ সিদ্ধান্ত লোৱা উচিত ৷ এই টুইটৰ জড়িয়তে প্ৰশান্ত কিশোৰেও কংগ্ৰেছৰ উপস্থিতিক স্বীকাৰ কৰি লৈ একছত্ৰী নেতৃত্বৰ ওপৰত প্ৰশ্ন তুলিছে ৷এনেদৰেই বিৰোধী ঐক্যৰ ক্ষেত্ৰত কংগ্ৰেছৰ ওফৰত চাপ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এন চি পি আৰু টি এম চিয়ে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.