কেনে চলিছে ক্ৰিপ্টোকাৰেন্সীৰ বেহা

বৰ্তমান সময়ত দেশত এটা বহুল চৰ্চিত বিষয় হৈছে ক্ৰিপ্টোকাৰেন্সী। আনকি ক্ৰিপ্টোকাৰেন্সীত ধন বিনিয়োগ কৰি এদিনতে কোটিপতি হোৱাৰ নজীৰো ভাৰতত আছে। কিছু সংখ্যক ব্যক্তিগত কোম্পানীয়ে এই ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণ কৰে। এই বিশেষ ডিজিটেল মুদ্ৰা বিধৰ বাস্তৱত কোনো অস্তিত্ব নাই। যাৰ বাবে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো আৰম্ভ হৈছে ক্ৰিপ্টোকাৰেন্সীৰ এখন নিয়ন্ত্ৰণহীন ক’লা বজাৰ। ক্ৰিপ্টোকাৰেন্সীক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যেই ৰাজহুৱা ভাৱে উদ্বেগ প্ৰকাশ কৰিছে। ক্ৰিপ্টোকাৰেন্সীৰ দৌৰাত্ম আৰু অবৈধ বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এতিয়া সাজু হৈছে ভাৰত চৰকাৰ। খবৰ অনুসৰি ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে দেশত প্ৰণয়ন কৰা হব নতুন আইন। স্বাভাৱিকতে চৰকাৰে ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে দেশৰ জনতা আনন্দিত হব লাগিছিল। কিন্তু বাস্তৱত দেখা গৈছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি। কিন্তু কিহৰ বাবে ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে প্ৰণয়ন কৰিব লগীয়া আইনক লৈ সৃষ্টি হৈছে বিভ্ৰান্তি? দেশত এতিয়া ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱসায় কেনেকুৱা?এক প্ৰতিবাদ।

ইতিমধ্যেই দেশত ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱসায় অস্থিৰ হৈ পৰিছে। আপুনি হয়তো মুদ্ৰা টছ কৰা নিশ্চয় দেখিছে । শিশুৱে কেতিয়াবা টছৰ বাবে মুদ্ৰাটো ওপৰলৈ দলিয়াই দিয়াৰ সলনি মাটিত ঘূৰাই দিয়াৰ দৃশ্যও হয়তো আপুনি দেখিছে। মুদ্ৰা এটা কিমান সময় মাটিৰ ওপৰত ঘুৰি থাকিব বা মাটিত পৰোতে কিমান শব্দ কৰিব সেয়া মুদ্ৰাটোৰ ওজন আৰু মজিয়াৰ গুণাগুণে নিৰ্ধাৰণ কৰে। ঠিক একেদৰে বৰ্তমান সময়ত বিটকইনৰ অৱস্থাও এই মুদ্ৰাটোৰ দৰে একেই হৈ আছে। অৱশ্যে এতিয়া এইটো কোৱা টান যে বিটকইন আৰু কিমান দিনলৈ চলি থাকিব। উল্লেখযোগ্য যে আজিৰ দিনত এনে তুলনা অপ্ৰয়োজনীয় নহয়। ইয়াৰ কাৰণ হল যে চৰকাৰে ক্ৰিপ্টোকাৰেন্সীক লৈ ইতিমধ্যেই বহু কথা স্পষ্ট কৰি দিছে। খচৰা ক্ৰিপ্টোকাৰেন্সী বিধেয়ক অহাৰ লগে লগে আৰু অধিক কথা পৰিষ্কাৰ হব কিন্তু এতিয়া আশংকা কৰা হৈছে যে ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়ন কৰাৰ পিছত দেশত বিভ্ৰান্তিৰ হে সৃষ্টি হব। ক্ৰিপ্টোকাৰেন্সী বিধেয়ক উত্থাপনৰ বাবে সংসদৰ কাৰ্যসূচীত চৰকাৰে দিয়া বিৱৰণ আৰু বিধেয়কৰ নামে স্পষ্ট কৰি দিছে যে এই আইন খনে দুটা কাম কৰিব । এটা হল ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সী নিষিদ্ধ কৰা আৰু আনটো হল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰী ডিজিটেল মুদ্ৰা কেনেদৰে আহিব সেইটো সিদ্ধান্ত লোৱা। খবৰ অনুসৰি দেশৰ ৰিজাৰ্ভ বেংকে এক নতুন ডিজিটেল মুদ্ৰা দেশত মুকলি কৰি দিব। ই কেনেদৰে চলিব বা কিমান ডিজিটেল হব সেয়া কিছুদিনৰ ভিতৰতে স্পষ্ট হব কিয়নো ৰিজাৰ্ভ বেংকে বিধেয়কখন গৃহীত হোৱাৰ পিছতে অৰ্থাৎ অহা মাহত নতুন মুদ্ৰা পৰিচালন আৰম্ভ কৰিব। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া সৰ্বত্ৰ প্ৰশ্নৰ উদয় হৈছে – ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সী নিষিদ্ধ কৰাটো কেনেকৈ সম্ভৱ হব? কিহক ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সী হিচাপে গণ্য কৰা হব বা সংসদৰ বিষয় তালিকাত দিয়া বিৱৰণ অনুসৰি ব্যতিক্ৰম হিচাপে কাম কৰিবলৈ অনুমতি দিয়া ক্ৰিপ্টোকাৰেন্সীৰ সংখ্যা কিমান হব আৰু এই খিনিক ৰেহাই দিয়াৰ আধাৰ কি হব? এই প্ৰশ্নবোৰৰ ভিতৰত আন কিছুমান দিশো লুকাই আছে। কিন্তু সেয়া আলোচনা কৰাৰ আগতে ক্ৰিপ্টোকাৰেন্সী বা কোড মুদ্ৰা কি সেয়া বুজি পোৱাটো গুৰুত্বপূৰ্ণ। ক্ৰিপ্টো শব্দৰ আভিধানিক অৰ্থ হৈছে লুকুৱা বা গোপনীয়। তথ্য লুকুৱা প্ৰযুক্তিক সহজ ভাষাত ক্ৰিপ্টোগ্ৰাফী বুলি কোৱা হয়। একেদৰে ক্ৰিপ্টোকাৰেন্সী হৈছে এক প্ৰকাৰৰ টকাৰ বিকল্প ডিজিটেল ফাইল। এই ডিজিটেল ফাইলবোৰ স্ক্ৰিপ্টৰ শাৰীত সৃষ্টি কৰা হয়। লেনদেন সুৰক্ষিত কৰিবলৈ অতি কঠিন কোড আৰু ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰা হয়। দেশত সহজ যেন লাগিলেও এই প্ৰক্ৰিয়া ইমান সহজ নহয়। সেয়েহে ইয়াত আপোনাৰ ধন সুৰক্ষিত হয় নে নহয় তাক লৈ যথেষ্ট সন্দেহ আৰু প্ৰশ্ন আছে। কিন্তু ক্ৰিপ্টোকাৰেন্সীত হোৱা লাভালাভৰ ফলস্বৰূপে ভাৰতত লাখ লাখ লোকে ধন বিনিয়োগ কৰিছে। কিন্তু ক্ৰিপ্টোকাৰেন্সী ব্যৱসায়ে শেহতীয়াকৈ এটা বিজ্ঞাপন দি দাবী কৰিছিল যে দেশৰ লাখ লাখ বিনিয়োগকাৰীয়ে ক্ৰিপ্টোকাৰেন্সীত প্ৰায় ছয় লাখ কোটি টকা বিনিয়োগ কৰিছে। এই পৰিমাণ যথেষ্ট বেছি। এই পৰিমাণ দেশৰ জিডিপিৰ তিনি শতাংশ আৰু পূৰ্বৰ বাজেটৰ প্ৰায় এক-পঞ্চমাংশ। এই বিশেষ বিজ্ঞাপনটোৰ তলত ক্ৰিপ্টোকাৰেন্সী এক্সচেঞ্জৰ নামো আছে আৰু তাৰ ওপৰত ইণ্টাৰনেট এণ্ড মবাইল এছচিয়েচন অফ ইণ্ডিয়া আৰু বিএচিচি – ব্লকচেইন আৰু ক্ৰিপ্টো এছেটছ কাউন্সিলৰ নাম আছে। বিএচিচিয়ে ভাৰতত ক্ৰিপ্টো ব্যৱসায়ৰ বাবে এক আচৰণ বিধি প্ৰণয়ন কৰিছে। এই বিজ্ঞাপনটোৰ প্ৰকৃত কথাটো হল ইমান বৃহৎ পৰিমাণৰ লোকক সুৰক্ষা দিবলৈ চৰকাৰে ক্ৰিপ্টো ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ এক স্বচ্ছ আৰু নিয়ন্ত্ৰিত প্ৰণালী সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ এক পৰিৱেশ সৃষ্টি কৰাটো জৰুৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ একাধিকবাৰ ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে উল্লেখ কৰিছে। সংসদৰ বিত্তীয় পৰিক্ৰমা বিষয়ক স্থায়ী সমিতিয়ে কেৱল এই বিষয়ে আলোচনা কৰাই নহয় বৰং এই ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক মাতি বিনিয়োগকাৰী সকলৰ লগত আৰু অৰ্থনৈতিক বিশেষজ্ঞসকলৰ সৈতে দীঘলীয়া বাৰ্তালাপো কৰিছে। ভৱিষ্যত বাণী কৰা হৈছে যে চৰকাৰে এতিয়া এই ব্যৱসায়ক সেউজ সংকেত দিবলৈ মন স্থিৰ কৰিছে। অৱশ্যে, ইয়াৰ মাজতে আৰবিআইৰ গভৰ্ণৰে একাধিক বাৰ বিপদ সংকেত দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে আনকি কৈছিল যে দেশত এই বিষয়টোত কোনো গুৰুত্বপূৰ্ণ আলোচনা হোৱা নাই। অকল মাত্ৰ
ৰিজাৰ্ভ বেংকে বিষয়টো সম্পৰ্কে উদ্বেগ উত্থাপন কৰিছিল। এনেদৰেই এতিয়া ক্ৰিপ্টোকাৰেন্সীক লৈ বিমোৰত পৰিছে চৰকাৰ আৰু ৰিজাৰ্ভ বেংক। অৱশ্যে ক্ৰিপ্টোকাৰেন্সী সম্পৰ্কে পৰবৰ্তী পৰ্যায়ত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *