সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৱশেষত জামিন পালে ছায়নীয়ে

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষে অৱশেষত জামিন লাভ কৰিলে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সভাত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ছায়নীৰ বিৰুদ্ধে ৷ তাৰ পাছতে দেওবাৰে তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আজি ছায়নীক আদালতত হাজিৰ কৰোৱা হয় ৷
যুৱ নেত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ পাছতে ত্ৰিপুৰাত উপস্থিত হয় অভিষেক বেনাৰ্জী ৷ দিল্লীত অমিত শ্বাহৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূলৰ সাংসদসকলে ৷ অৱশ্যে আদালতে বিয়লিৰ ভাগলৈ ছায়নীৰ জামিন মঞ্জুৰ কৰে ৷
২৫ নৱেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন ৷ ইয়াকে লৈ ৰাজ্যখনত প্ৰচাৰ অভিযান জোৰদাৰ হৈ উঠিছে ৷

Leave A Reply

Your email address will not be published.