বন্ধ দিল্লী!

Share This Article

ৰাজধানী দিল্লীত বৰ্ধিত প্ৰদূষণৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখা হৈছে৷ কোভিডৰ দ্বিতীয় ঢৌৰ বাবে নৱেম্বৰত মুকলি হোৱা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ বন্ধ ঘোষণা কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এটা বিবৃতিত কোৱা হৈছে যে, দিল্লী-এনচিআৰৰ সকলো বিদ্যালয় মহাবিদ্যালয় পৰবর্তী নিদের্শনা জাৰি নকৰা পযর্ন্ত বন্ধ থাকিব। মঙলবাৰে নিশা জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে যে পাঠদান বুধবাৰৰ পৰা অনলাইন মাধ্যমৰে সম্পন্ন হব। বায়ু গুণমান ব্যৱস্থাপনা আয়োগে  দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত প্ৰদূষণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.