হাৰ্দিক পাণ্ডিয়াৰ ৫ কৌটি টকা মূল্যৰ ঘড়ী কোনে জব্দ কৰিলে ?

Share This Article

টি ২০ বিশ্বকাপৰ প্ৰদৰ্শনক লৈ সমালোচনাৰ সন্মুখীন হৈছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া ৷ বিশ্বকাপ শেষ , কিন্তু আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে পাণ্ডিয়া ৷ ডুবাইৰ পৰা ভাৰতলৈ ওভতাৰ পথত হাৰ্দিক পাণ্ডিয়াৰ পৰা দুটা কৌটিটকীয়া ঘড়ী জব্দ কৰিছে শুল্ক বিভাগে ৷ঘড়ী দুটা ক্ৰয় কৰাৰ বিল দেখুৱাবলৈ কোৱাত পাণ্ডিয়াই সেয়া দেখুৱাব নোৱাৰিলে ৷ তাৰ পাছতে শুল্ক বিভাগে দুয়োটা ঘড়ী জব্দ কৰাৰ সিদ্ধান্ত লয় ৷ঘড়ী দুটাৰ দাম হ’ব প্ৰায় ৫ কৌটি টকা ৷ ইপিনে হাৰ্দিক পাণ্ডিয়াই টুইটাৰ যোগে সদৰী কৰা অনুসৰি তেও নিজেই ডুবাইৰ পৰা ক্ৰয় কৰা ঘড়ীটোৰ বাবে প্ৰয়োজনীয় কৰ আদায় দিব বিচাৰিছিল ৷ কিন্তু ইয়াৰদাম নিৰ্ধাৰণৰ বাবে শুল্ক বিভাগে ঘড়ীটো জব্দ কৰি থয় ৷ তেওৰ মতে শুল্ক বিভাগে এটা ঘড়ীহে জব্দ কৰিছে ৷ যাৰ মূল্য হ’ব ১.৫০ কৌটি টকা ৷দুটা ঘড়ী জব্দ কৰা বুলি ওলোৱা খবৰ মিছা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.