ভুৱা ক্লিনিকৰ বিৰুদ্ধে বাতৰি : সাংবাদিকক অপহৰণ কৰি হত্যা

Share This Article

ভাৰতত সাংবাদিকতা যে মুঠেও নিৰাপদ বৃত্তি নহয় , সেয়া আকৌ এবাৰ প্ৰমান হ’ল ৷ বিহাৰৰ মধুবনীত উদ্ধাৰ হৈছে এগৰাকী সাংবাদিকৰ অগ্নিদগ্ধ মৃতদেহ ৷ মৃত সাংবাদিকজনৰ নাম অবিনাশ ঝা ৷ তেও স্থানীয় এটা সংবাদ মাধ্যমৰ লগত জড়িত ৷ মঙলবাৰে নিশাৰ পৰা নিখোজ হৈ থকা সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় শুকুৰবাৰে ৷
অবিনাশ ঝাই বহু ভুৱা মেডিকেল ক্লিনিকৰ তথ্য উন্মোচন কৰিছিল ৷ তাৰ পাছতে প্ৰশাসনে কেবাখনো ক্লিনিক বন্ধ কৰি দিয়ে ৷ সেই সময়ত কিছুসংখ্যক ক্লিনিকৰ স্বত্বাধিকাৰীয়ে অবিনাশক টকাৰ প্ৰলোভন দিছিল যদিও তেও সেয়া ল’বলৈ অস্বীকাৰ কৰিছিল ৷ তাৰ পাছত অবিনাশ হৈ পৰে দুষ্টচক্ৰৰ আক্ৰমণৰ লক্ষ্য ৷ মঙলবাৰে নিশা প্ৰায় ১০ বজাত তেওক স্থানীয় এখন বজাৰত শেষবাৰৰ বাবে দেখা গৈছিল ৷ দুদিন নিখোজ হৈ থকাৰ পাছত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তেওৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.