ৰাজনৈতিক দলক ৪২৬ কৌটি টকাৰ চান্দা দিওতাৰ অস্তিত্ব নাই

Share This Article

ৰাজনৈতিক দলসমূহে যিমান পৰিমানৰ চান্দা লাভ কৰে , তাৰ অধিকাংশ চন্দাৰ উৎস অজ্ঞাত ৷ অৰ্থাৎ অস্তিত্বহীন লোক আৰু প্ৰতিষ্ঠানৰ পৰা চান্দা সংগ্ৰহ কৰি আছে ৰাজনৈতিক দলসমুহে ৷ এছোছিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এ ডি আৰৰ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুযায়ী আঞ্চলিক দলসমূহে ২০১৯-২০ বৰ্ষত যিমান পৰিমানৰ চান্দা সংগ্ৰহ কৰিছে , তাৰ ৫৫ শতাংশ ধনৰ দাতাৰ কোনো অস্তিত্ব বিচাৰি পাবলৈ নাই ৷ এনে অজ্ঞাত উৎসৰ পৰা সৰহভাগ ধন দলসমূহে লাভ কৰিছে ইলেক্ট’ৰেল বণ্ডৰ জড়িয়তে ৷ প্ৰতিবেদনত উল্লেখ কৰা অনুযায়ী ২০১৯-২০ বৰ্ষত দেশৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে মুঠ ৮০৩.২৪ কৌটি টকাৰ চান্দালাভ কৰিছে ৷ কিন্তু ইয়াৰে ৪২৬.২৩৩ কৌটি টকা কোনে চান্দা হিচাপে দিছে , তেওলোকৰ কোনো পৰিচয় বা অস্তিত্ব বিচাৰি পাবলৈ নাই ৷আনহাতে , ৰাষ্ট্ৰীয় দলসমূহে অজ্ঞাত উৎসৰ পৰা লাভ কৰা চান্দাৰ জড়িয়তে তেওলোকৰ উপাৰ্জন বছৰটোত ৭০.৯৮ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ৷
উল্লেখ্য , ২০১৮ চনৰ পৰা ইলেক্ট’ৰেল বণ্ডৰ জড়িতে চান্দা সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ নিৰ্দিষ্ট বেংকত কোনো লোকে এই বণ্ড ক্ৰয় কৰি যিকোনো ৰাজনৈতিক দলক চান্দা হিচাপে আগবঢ়াব পাৰে ৷ এইক্ষেত্ৰত চান্দা দিওতাৰ পৰিচয় সম্পূৰ্ণ গোপন হৈ ৰয় ৷ অজ্ঞাত উৎসৰ পৰা ৰাজনৈতিক দলে চান্দা সংগ্ৰহ কৰাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে বিপজ্জনক হৈ পৰিছে বুলি বিশেষজ্ঞসকলে বিভিন্ন সময়ত মন্তব্য কৰি আহিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.