প্ৰবল বৰষুণে ক’ত প্ৰাণ কাঢ়িলে চাৰিজনৰ ?

Share This Article

ধাৰাষাৰ বৰষুণে বিপৰ্যস্ত কৰিছে তামিলনাডুৰ জনজীৱন ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত চেন্নাইকে ধৰি ৰাজ্যখনৰ কেবাখনো চহৰ জলমগ্ন হৈ পৰিছে ৷ পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰিছে যে ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ বিদ্যালয় – মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে আৰু ১৪ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷
বতৰ বিজ্ঞান বিভাগৰ মতে বে অৱ বেংগলত নিম্ন চাপৰ সৃষ্টি হোৱা বাবেই এনে অভাৱনীয় বৰষুণৰ সন্মুখীন হৈছে তামিলনাডু ৷ অহা ১১ নৱেম্বৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বিভাগটোৱে জানিবলৈ দিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.