কেন্দ্ৰক সমালোচনা কৰি মেঘালয়ৰ ৰাজ্যপালে এইবাৰ কি ক’লে ?

Share This Article

বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক ৷ দেশত চলি থকা কৃষক আন্দোলনৰ সমৰ্থন মন্তব্য কৰি তেও আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৷ সত্যপাল মালিকে শেহতীয়াকৈ কয় যে দেশত ইমান বৃহৎ কৃষক আন্দোলন আজিলৈকে হোৱা নাই ৷ য’ত ৬০০ কৃষক শ্বহীদ হৈছে ৷ সাধাৰণ ঘটনাত দিল্লীৰ নেতাসকলে শোক প্ৰকাশ কৰে ৷ কিন্তু কৃষকৰ মৃত্যুক লৈ সংসদত কোনো প্ৰস্তাৱ লোৱা নহ’ল ৷ আনহাতে ছোচিয়েল মেডিয়াত একাংশ লোকে তেওৰ পদত্যাগৰ দাবী উত্থাপন কৰাক লৈ কয় যে এইসকল লোকৰ পিতৃপুৰুষে তেওক ৰাজ্যপালৰ পদবী দিয়া নাই ৷ ভোটেৰেও তেও ৰাজ্যপাল হিচাপে নিৰ্বাচিত হোৱা নাই ৷ দিল্লীৰ দুই – তিনিজন ডাঙৰ মানুহে তেওক ৰাজ্যপালৰদায়িত্ব দিছিল আৰু এতিয়া তেও সেইসকল লোকৰ ইচ্ছাৰ বিৰুদ্ধে ক’বলগীয়া হৈছে ৷ তেওলোকে যদি বিচাৰে দুই মিনিটতে পদত্যাগ কৰিব বুলিও সত্যাপাল মালিকে মন্তব্য কৰে ৷
সত্যপাল মালিক ইয়াৰ পূৰ্বে গোৱাৰ ৰাজ্যপাল আছিল ৷ গোৱাৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধেও তেও সোচ্চাৰ হৈ আহিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.