মুম্বাই ড্ৰাগছ কেচৰ নতুন মোৰঃ বিপদত পৰিব নেকি শ্বাহৰুখ পুত্ৰ আৰিয়ান খান?

Share This Article

মুম্বাইৰ বিলাসী ক্ৰুজ জাহাজৰ ড্ৰাগছ গোচৰৰ তদন্ত কৰি থকা এনচিবিৰ আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডে আজি বিশেষ এনডিপিএছ আদালতত হাজিৰ হৈ দুখনকৈ শপতনামা দাখিল কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী নৱাব মালিকে ৱানখেডৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি সমীৰ ৱানখেডে আদালতক কৈছিল যে তেওঁক ভাবুকি দিয়া হৈছে আৰু তেওঁৰ ভগ্নী আৰু মৃত মাতৃক লক্ষ্য কৰি লোৱা হৈছে। ৱানখেডে লগতে এইটোও কৈছিল যে তেওঁ সকলো ধৰণৰ অনুসন্ধানৰ বাবে সাজু। বলীউডৰ বাদশ্বাহ তথা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ বিৰুদ্ধে গোচৰটোত খোঁচ মাৰি থকা প্ৰভাকৰ চেলেও এখন শপতনামা দাখিল কৰি আচৰিত কৰিছে সকলোকে। পঞ্চ প্ৰভাকৰে এনচিবিৰ আঞ্চলিক মুৰব্বী সমীৰ ৱানখেড়ে আৰু আন এগৰাকী সাক্ষী কেপি গোচাভিৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। প্ৰভাকৰে অভিযোগ কৰিছে যে তেওঁ কেপি গোসাভি আৰু চেমক ২৫ কোটি টকাৰ কথা কোৱা শুনিছিল আৰু ১৮ কোটি টকাত চুক্তি হোৱাৰ কথা জানিব পাৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.