মোৰ দেউতা চিৰিয়াখানাৰ জন্তু নহয়ঃ কিয় ক’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যা দমনদীপে?

Share This Article

অসুস্থ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং।ডেংগু ৰোগত আক্ৰান্ত হৈ বৰ্তমান AIMS ত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ লবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া উপস্থিত হৈছিল AIMS ত।কিন্তু এইমছত উপস্থিত হোৱাৰ পিছত এক বিশেষ ঘটনাৰ বাবে মনমোহন সিঙৰ জীয়ৰী দমনদীপ সিঙৰ সৈতে বিতৰ্কত সোমাই পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকী।ডঃ মনমোহন সিঙৰ জীয়ৰীৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসুস্থ মনমোহন সিঙৰ স্বাস্থ্যৰ বুজে ল’বলৈ লগত এজন ফটোগ্ৰাফাৰ লৈ গৈছিল।আৰু পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে অসুস্থ ব্যক্তিগৰাকীৰ সৈতে ফটো তোলাত ব্যস্ত হৈছিল।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীয়ৰীয়ে কয় যে তেওঁৰ মাক বহুত বিচলিত হৈছিল কাৰণ এজন ফটোগ্ৰাফাৰে মন্ত্ৰীজনৰ সৈতে কোঠাটোত প্ৰৱেশ কৰিছিল। কিন্তু যেতিয়া তাই ফটোগ্ৰাফাৰজনক কোঠাৰ পৰা ওলাই যাবলৈ জোৰ দিছিল তেতিয়া তাইক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল।তাই বৰ বিচলিত হৈছিল। মোৰ মা-দেউতাই এটা কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছে। তেওঁলোক বৃদ্ধ লোক। তেওঁলোক চিৰিয়াখানাৰ জন্তু নহয় বুলিও সংবাদ মাধ্যমৰ আগত জীয়ৰী গৰাকীয়ে মত ব্যক্ত কৰে।ইফালে জীয়ৰী দমনদীপে লগতে কয় যে তাইৰ পিতৃ-মাতৃয়ে স্পষ্টভাৱে জোৰ দিছিল যে দৰ্শনাৰ্থীৰ সংখ্যা যাতে সীমাবদ্ধ হয়। কিয়নো তাইৰ দেউতাক ডেংগুত ভুগি আছে আৰু তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, আৰু সংক্ৰমণৰ আশংকা আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে এপ্ৰিলত দিল্লীত ভেকচিনৰ দুইটা পালি থকা স্বত্বেও দ্বিতীয় ঢৌত কোভিড-19 ত আক্ৰান্ত হৈছিল। স্বাস্থ্য মন্ত্ৰীয়ে সাক্ষাৎ কৰি তেওঁৰ উদ্বেগ প্ৰকাশ কৰাটো ভাল লাগিছিল।কিন্তু মোৰ মা-দেউতা সেই সময়ত ফটো তোলাৰ অৱস্থাত নাছিল।সেয়েহে যেতিয়া “মোৰ মায়ে ফটোগ্ৰাফাৰজনক কোঠাৰ পৰা ওলাই যাবলৈ জোৰ দিছিল, তেতিয়া তেওঁক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল।সেয়ে তাই খুব বিচলিত হৈছিল।ডঃ মনমোহন সিঙৰ জীয়ৰীৰ এই অভিযোগৰ পিছত প্ৰচাৰত সিদ্ধহস্ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কি উত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.