সাৱধানঃ ক’ভিডত আক্ৰান্ত হৈ দেশত এতিয়াও চিকিৎসাধীন হৈ আছে ২ লাখ ৭ হাজাৰ ৰোগী

Share This Article

দেশত আৰম্ভ হৈছে দুৰ্গা পূজা। দুৰ্গা পূজা আৰম্ভ হোৱাৰ লগে লগে মণ্ডপে মণ্ডপে ভিৰ কৰিছে লক্ষ লক্ষ জনতাই। কিন্তু পূজাৰ আনন্দৰ মাজতো দেশত অব্যাহত আছে ক’ভিডৰ কালৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ১৫৮২৩ গৰাকী। দেশত এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে ২ লাখ ৭ হাজাৰ ৬৫৩ গৰাকী ৰোগী। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত মৃত্যু হৈছে ২২৬ গৰাকী ৰোগীৰ। আনহাতে বিগত ২৪ ঘন্টাত অসমত আক্ৰান্ত হৈছে ২২৬ গৰাকী লোক। কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ৭৬ গৰাকী লোক। ২৪ ঘন্টাত ৰাজ্যত মৃত্যু হৈছে ৩ গৰাকী ৰোগী ।এই পৰ্যন্ত ৰাজ্যত চিকিৎসাধীন হৈ আছে ২৬৬৪ গৰাকী ৰোগী। বৰ্তমান সময়ত অসমত আক্ৰান্তৰ হাৰ ০.৭৮ শতাংশ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.