লখিমপুৰলৈ আহোতে আটক হ’ল প্ৰিয়ংকা গান্ধীঃ কিন্তু কিয়?

Share This Article

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক সকলে। এই প্ৰতিবাদৰ সময়তে কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা হতাহতিৰ ফলস্বৰূপে মৃত্যু হৈছিল প্ৰায় ৮ জনকৈ লোকৰ আৰু এই হিংসাত্মক ঘটনাৰ পিছতে পৰিস্থিতিৰ বুজ ল’বলৈ খেৰীলৈ ৰাওনা হৈছিল কংগ্ৰেছৰ বলিষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী। খেৰীলৈ যোৱা পথতেই আৰক্ষীয়ে আটক কৰিছে প্ৰিয়ংকা গান্ধীক। সীতাপুৰ এলেকাত প্ৰিয়ংকাৰ কনভয়ক বাধা দিছিল আৰক্ষীয়ে। সীতাপুৰতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দীপেন্দ্ৰ হুডা সহ প্ৰিয়ংকা গান্ধীক আটক কৰাৰ খবৰ পোৱা গৈছে।প্ৰিয়ংকাক আটক কৰাৰ পিছতে এতিয়া উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। ইফালে সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন-সেয়েহে এনে সংঘৰ্ষ আৰু হিংসাত্মক পৰিস্থিতি ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.