Investigative reporting with dedication.

জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত। শ্বপিয়ান জিলাৰ ৰাহামা গাঁৱত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছত পুৱতি নিশা অঞ্চলটোত অভিযান চলাবলৈ আহিছিল ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনী। সম্পূৰ্ণ অঞ্চলটো ঘেৰি ধৰি বাৰম্বাৰ আত্মসমৰ্পণৰ আহ্বান জনোৱাৰ পিছতো আত্মসমৰ্পণ কৰা নাছিল সন্ত্ৰাসবাদীৰ দলটোৱে। নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদী দলটোৱে কৰিছিল গুলীচালনা। এই সংঘৰ্ষত ইতিমধ্যেই ১টা সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ আহিছে। অঞ্চলটোত আৰু সন্ত্ৰাসবাদী লুকাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় সেনাই। অঞ্চলটোত বৰ্তমানো অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই।




