কেনেকৈ বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বোমা বিস্ফোৰিত হৈ মণিপুৰত প্ৰাণ গৈছিল দুজনৰ?

Share This Article

মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত বুধবাৰে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বুলি সন্দেহ হোৱা এটা বোমা বিস্ফোৰণ হৈ দুজন লোক নিহত হয় । জানিব পৰা মতে দুই ককাই-ভাই ২২ বছৰীয়া লিয়েঙখগিন গাংতে আৰু ২৪ বছৰীয়া লালচাংমৌন গাংতেই বুধবাৰে আবেলি লাংখীচই নামৰ গাঁওখনত মাটি খান্দি থাকোতে মাটিৰ তলত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ এটা বোমা উদ্ধাৰ কৰে । জানিব পৰা মতে এই বোমাটো বিস্ফোৰণ ঘটি ভাতৃদ্বয়ৰ থিতাতে মৃত্যু হয় । গাঁওখনৰ গাওঁবুঢ়া টংখাপ’ বাইটেই সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ হোৱাৰ ফলত দুজন লোকৰ মৃত্যুৰ হোৱাৰ বাতৰি সদৰী কৰিছে । তেওঁ লগতে কয় যে ভাতৃদ্বয়ে মাটি খান্দি থকা স্থানত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বহু সজীৱ বোমা পুতি থোৱা আছে । গাঁওবুঢ়াগৰাকীয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ ৭৬ বছৰৰ পিছতো সেই স্থানৰ নিৰীক্ষণ কৰি বোমা সমূহ নিস্ক্ৰিয় নকৰাৰ কাৰণে চৰকাৰক দোষাৰোপ কৰে । উল্লেখযোগ্য যে ম্যানমাৰ সীমান্তৰ এই চহৰখনত ২০২০ চনৰ নৱেম্বৰ মাহত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ ১২২টা বোমা উদ্ধাৰ হৈছিল । নিৰ্মাণ কাৰ্যৰ কাৰণে খনন চলি থাকোঁতে মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল বোমাকেইটা । সেই বছৰৰে জুন মাহত ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ মৰটাৰ চেল উদ্ধাৰ হৈছিল । ২০১৭চনৰ এপ্ৰিলতো ম’ৰেত ৬০০ সজীৱ গুলী মাটিৰ তলত উদ্ধাৰ হৈছিল  । নাগালেণ্ডৰ কহিমা আৰু মণিপুৰৰ ইম্ফল দ্বিতীয় বিশ্ব যুদ্ধৰ অন্যতম যুদ্ধ থলী আছিল । এই স্থানতে ইংৰাজ সৈন্যৰ বিৰুদ্ধে জাপানী সৈন্যই যুদ্ধ কৰিছিল । জাপানী সৈন্যৰ লগত আহিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজ । যুদ্ধৰ বহু স্মাৰক এই দুই স্থানত এতিয়াও বিভিন্ন ৰূপত সজীৱ হৈ আছে । কিন্তু মানৱ জীৱন যাতে বিপদাপন্ন নহয় তাৰ বাবে মণিপুৰৰ এন বীৰেনসিং চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.