সুখবৰঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ লাভ কৰিছে অসম সন্তান ড° বিনয় কুমাৰ শইকীয়াই

Share This Article

আজি ঘোষণা কৰা হল শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ২০২১ চনৰ বিজয়ীসকলৰ নাম। এইবাৰৰ বিজয়ীসকলৰ মাজত আছে অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়া। উল্লেখ্য যে শান্তি স্বৰূপ ভাটনাগৰ বঁটা হৈছে ভাৰতীয় বিজ্ঞান জগতৰ এটি সৰ্বোচ্চ সন্মান। সাহিত্য জগতৰ জ্ঞানপীঠ বঁটাৰ দৰে ই এক বিৰল স্বীকৃতি। এই বঁটাটোক ভাৰতৰ নোবেল বঁটা বুলিও জনা যায়। এই সন্মান লাভ কৰা ড° বিনয় কুমাৰ শইকীয়া হ’ল পঞ্চমজন অসমীয়া। সুদীৰ্ঘ ২০ বছৰৰ পিছত কোনো অসমীয়া বিজ্ঞানীয়ে লাভ কৰিছে এই সন্মান। সম্ভৱতঃ অসমতে কৰ্মৰত অৱস্থাত এই বঁটা লাভ কৰা শইকীয়া প্ৰথমগৰাকী বিজ্ঞানী। সাতটা শাখাৰ ভিতৰত ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান শাখাত বিনয় কুমাৰ শইকীয়াই এই বঁটা লাভ কৰিছে। কিন্তু ৰাজ্যৰ বুজন সংখ্যক সংবাদ মাধ্যমে প্ৰচাৰ কৰা নাই এই বাতৰি। যদি আমি নিজৰ ৰাজ্যখনৰ হিংসা-হত্যাৰ ফটো কিম্বা ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰো তেন্তে এটা ইতিবাচক খবৰ প্ৰচাৰ কৰিব পৰা নাই কি

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.