Investigative reporting with dedication.

অক্টোবৰ মাহত বেংকত কোনো জৰুৰী কাম কৰিম বুলি ভাৱি আছে নেকি? যদিহে ভাৱিছে তেন্তে অক্টোবৰ মাহলৈ নৰ’ব। দৰাচলতে অক্টোবৰ মাহত কেইবাটাও উৎসৱৰ বাবে বেংক কেইবাদিনো বন্ধ থাকিব। অহা অক্টোবৰ মাহত ২১ দিন ধৰি বেংক বন্ধ থকাৰ সম্ভাৱনা আছে। অৱশ্যে বেংকৰ বন্ধবোৰ ৰাজ্যভেদে পৃথক হ’ব পাৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই ২১ টা বন্ধৰ ১৪ টা বন্ধ ঘোষণা কৰিছে।




