Investigative reporting with dedication.

তালিবানে দখল কৰাৰ পাছৰে পৰা অশান্ত জৰ্জৰ আফগানিস্তানত পুনৰ আৰম্ভ হৈছে হত্যা-হিংসাৰ বিভীষিকা। এইবাৰ পঞ্জশিৰ উপত্যকাত মৃত্যুৰ দাবানল। আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ চালেহক অতি নিৰ্মম ভাৱে হত্যা কৰে তালিবানে। পঞ্জশিৰত তালিবান বিৰোধী যুদ্ধত নেতৃত্ব দিছিল ৰোহুল্লাহ চালেহে। তালিবানৰ আতংকৰ বাবে কিছু দিনৰ পৰা গোপনে পঞ্জশিৰত আত্মগোপন কৰি আছিল চালেহ আৰু আজি অতি নিৰ্মমভাৱে হত্যা কৰা হয় চালেহক। অতিশয় নিষ্ঠুৰ আৰু নিৰ্মম তালিবানে অন্তুষ্টিক্ৰীয়াৰ বাবেও চালেহৰ মৃতদেহ প্ৰদান কৰা নাই আত্মীয়ক ।



