জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

Share This Article

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে প্ৰখ্যাত গীতিকাৰ , কবি জাভেদ আখতাৰে ৷এক টেলিভিছন সাক্ষাৎকাৰত তেও কয় যে আৰ এছ এছ , বজৰংগ দল আদিৰ উদ্দেশ্যও তালিবানৰ সৈতে একেই ৷ কিন্তু ভাৰতীয় সংবিধান তেওলোকৰ পথত হেঙাৰ হৈ আছে ৷সুযোগ পালে সেই সীমাও তেওলোকে অতিক্ৰম কৰিব ৷

জাভেদ আখতাৰে কয়- সমগ্ৰ বিশ্বৰ দক্ষিণপন্থী লোকসকলৰ বিচাৰধাৰা একেই ৷কেৱল নামৰ ক্ষেত্ৰতহে তাৰতম্য আছে ৷ যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদক সমৰ্থন কৰি আহিছে তেওলোকে আত্মমন্থন কৰা উচিত ৷ তালিবানসকল নিশ্চিতভাৱে মধ্যযুগীয় মানসিকতাৰ ৷ কিন্তু আপুনি যাক সমৰ্থন কৰি আছে , তেওলোক তালিবানকৈ কিহত পৃথক , সেয়া বিচাৰ কৰি চোৱা উচিত ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.