আৰক্ষীৰ জেৰাত ডিম্পলৰ হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট। চিগাৰেট খোৱাত বাধা দিছিল হত্যাকাৰী অশিকে। যাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অভিযুক্তই । আৰক্ষীৰ চকুত ধূলি দিবলৈ হত্যাকাণ্ডটো ডকাইটি কাণ্ডৰ ৰূপ দিবলৈ খুলি ৰাখিছিল ডিম্পলৰ ঘৰৰ দুটা আলমিৰা। ১০:১৫ বজাত পিতৃয়ে ডিম্পলক ফোন কৰা সময়ত জীৱিত আছিল কিশোৰীগৰাকী। আৰক্ষীৰ জেৰাত এই বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে হত্যাকাৰী আশিক গুপ্তাই।
ইয়াৰ বিপৰীতে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি ডিম্পলৰ মাতৃয়ে কয় যে এয়া চিগাৰেটৰ বাবে কৰা হত্যা হ’বই নোৱাৰে। মোৰ ছোৱালীয়ে চিগাৰেট নাখায়। মোবাইল ফোনৰ বাবে এই কাণ্ড সংঘটিত কৰিব পাৰে। মোৰ ছোৱালীৰ মোবাইল সঘনে বিচাৰিছিল আশিকে। মোবাইল দিবলৈ মান্তি হোৱা নাছিল ডিম্পল। তেনে কাৰণতে হয়তো হত্যা কৰিব পাৰে আশিকে। লগতে দিম্পলৰ মাতৃয়ে কয় যে গাখীৰ খুৱাই মই সাপ পুহিছিলো, সেই সাপে আজি খুটিলে। বিগত এমাহে আশ্ৰয় দিছিলো আমাৰ ঘৰত আৰু সেয়া মোৰ ভুল হল।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post