ভাৰতে আফগানিস্তানৰ পৰা ঘূৰাই আনিলে কিন্তু আমেৰিকাই নানিলেঃ কিহৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে আমেৰিকা?

Share This Article

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইতিমধ্যেই আফগানিস্তান ত্যাগ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাই আফগানিস্তানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহন এৰি থৈ গৈছে। শেহতীয়া খবৰটো হ’ল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বহুসংখ্যক সামৰিক সেৱাৰ কুকুৰো(ছাৰ্ভিছ ডগ) আফগানিস্তানত এৰি থৈ গৈছে। যাৰ বাবে এতিয়া সমগ্ৰ বিশ্বতে সমালোচনাৰ সন্মুখীন হৈছে আমেৰিকা। এই তথ্য পোহৰলৈ অহাৰ পিছতে বিশ্বৰ বহু পশু অধিকাৰ ৰক্ষী প্ৰতিষ্ঠান আগবাঢ়ি আহিছে আৰু কুকুৰবোৰক উদ্ধাৰ কৰাৰ আশ্বাস দিছে।
Animal Welfare Group আমেৰিকান হিউমেনৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰবীন আৰ গাঞ্জাৰ্টে কয় যে এই সাহসী কুকুৰবোৰে সৈনিকৰ দৰে বিপদজনক কাম কৰে। মানৱ জীৱন ৰক্ষা কৰে। সিহঁতক এনেদৰে এৰি দিয়াটো নিন্দনীয়। সিহঁতে পৰ্য্যাপ্ত সেৱা পাব লাগিব। আমি হাত সাৱটি বহি থাকিব নোৱাৰো কিয়নো এই কুকুৰবোৰে সাহসেৰে আমাৰ দেশৰ সেৱা কৰিছে।
কিন্তু ইয়াৰ বিপৰীতে এই বিষয়টোতে বিশ্ববাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ভাৰত। দৰাচলতে কাবুলৰ ভাৰতীয় দূতাবাসত এনে তিনিটা ভাৰতীয় সামৰিক সেৱা কুকুৰ নিযুক্ত কৰা হৈছিল। সিহঁতৰ নাম আছিল মায়া, ৰুবি আৰু ববি। সুখবৰটো হ’ল যে যেতিয়া ভাৰতে ভাৰতীয় বায়ু সেনাৰ সহায়ত তাত নিয়োজিত ভাৰত-তিব্বত সীমান্ত আৰক্ষী(আইটিবিপি)ৰ কৰ্মীসকলক উদ্ধাৰ কৰিছিল তেতিয়াই এই কুকুৰ কেইটাকো ভাৰতলৈ লৈ আহিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.