চৌদি আৰৱৰ আভা বিমানবন্দৰত ২৪ ঘন্টাত দুটাকৈ ড্ৰোন আক্ৰমণঃ ৮ জন আহত

Share This Article

দক্ষিণ-পশ্চিম চৌদি আৰৱৰ আভা বিমানবন্দৰত মঙলবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই আক্ৰমণত ৮ জন লোক আহত হোৱাৰ লগতে এখন বিমানো ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আভা বিমানবন্দৰত এয়া আছিল দ্বিতীয়টো ড্ৰোন আক্ৰমণ। এতিয়ালৈকে কোনো সংগঠনে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। চৌদি নেতৃত্বাধীন সামৰিক মিত্ৰজোঁটে ২০১৫ চনৰ পৰা য়েমেনৰ হুথি বিদ্ৰোহীসকলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে। এই যুদ্ধত বহু সময়ত চৌদি আৰৱৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সামৰিক ঘাটি আৰু তৈল খাদ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল।
সামৰিক মিত্ৰজোঁটে দাবী কৰিছে তেওঁলোকে ব্লাষ্টাৰ ড্ৰোন খনক বাধা দি ধ্বংস কৰি পেলাইছিল। আক্ৰমণৰ পিছত বিমানবন্দৰৰ কাৰ্যক্ৰম বন্ধ ৰখাৰ নিৰ্দেশ দিছে চৌদি প্ৰশাসনে।
ইৰান সমৰ্থিত হুথি বিদ্ৰোহীসকলে আগষ্ট মাহত কেইবাটাও ড্ৰোন আৰু মিছাইল আক্ৰমণ সংঘটিত কৰিছিল। চৌদি আৰবে ২০১৫ চনত য়েমেনত চলি থকা যুদ্ধত হাত উজান দিছিল।
২০১৪ চনত য়েমেনত চলি থকা যুদ্ধৰ আৰম্ভণি হৈছিল। সেই সময়ত বিদ্ৰোহীসকলে য়েমেনৰ ৰাজধানী ছানা আৰু দেশখনৰ উত্তৰ অঞ্চল ঘেৰাও কৰি ৰাখিছিল। ইয়াৰ পিছত চৌদি নেতৃত্বাধীন সামৰিক মিত্ৰজোঁটে আন্তৰ্জাতিক ভাৱে স্বীকৃত চৰকাৰ পুনৰুদ্ধাৰ কৰি বিদ্ৰোহী সকলক বিতাড়িত কৰাৰ কাম আৰম্ভ কৰিছিল।এতিয়ালৈকে এই যুদ্ধত ১৩০০০০ লোকে প্ৰাণ হেৰুৱাইছে আৰু লাখ লাখ লোক গৃহহীন হৈছে। এই যুদ্ধক ৰাষ্ট্ৰসংঘৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ মানৱীয় সংকট বুলিও অভিহিত কৰা হৈছিল।
ৰাষ্ট্ৰসংঘই যুদ্ধ সমাপ্ত কৰাৰ চেষ্টা কৰি আছে যদিও হুথি বিদ্ৰোহীসকলে চান্নাৰ বিমানবন্দৰ পুনৰ মুকলি কৰাৰ দাবী জনাইছে। বিদ্ৰোহীসকলে কয় যে তাৰ পিছতহে আলোচনাৰ পথ মুকলি হ’ব। উল্লেখ্য যে বিমানবন্দৰটো ২০১৬ চনৰ পৰা বন্ধ হৈ আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.