প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰি তালিবানে কি ক’লে ?

Share This Article

গুজৰাটৰ সোমনাথত কেবাটাও আঁচনি উদ্বোধনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সন্ত্ৰাসৰ বলত কিছুসময়ৰ বাবে সাম্ৰজ্য দখল কৰিব পাৰি কিন্তু সেয়া স্থায়ী হ’ব নোৱাৰে ৷কোনোৱে বেছি দিনৰ বাবে মানৱতাক পদানত কৰি ৰাখিব নোৱাৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে তালিবানৰ নাম নোলোৱাকৈ এইদৰে আফগ্নিস্তানত তালিবানৰ ক্ষমতা দখল দখল সন্দৰ্ভত মন্তব্য কৰিছিল ৷

তাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক উভতি ধৰিছে তালিবানে ৷ বিবিচিৰ বাতৰি অনুসৰি ৰেডিও পাকিস্তানত দিয়া এটা সাক্ষাৎকাৰত তালিবানৰ নেতা ছাহাবুদ্দিন দিলবাৰে কয় যে ভাৰতে অতি সোণকালে বুজি উঠিব যে তালিবানে সুচাৰুৰূপে চৰকাৰ চলাব পাৰে ৷ ভাৰতে আফগানিস্তানৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা উচিত নহয় ৷

সাক্ষাৎকাৰটোত তালিবানৰ নেতাগৰাকীয়ে এইবুলিও কয় যে পাকিস্তান আফগানিস্তানৰ প্ৰতিবেশী আৰু মিত্ৰ দেশ ৷ আফগান শৰণাৰ্থীক পাকিস্তানত আশ্ৰয় দিয়াৰ বাবে তেও দেশখন ধন্যবাদো জ্ঞাপন কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.