ৰাষ্ট্ৰীয় সংবাদ মাধ্যম জি নিউজৰ এডিটৰ-ইন-চীফ সুধীৰ চৌধুৰীৰ অনুষ্ঠানে উন্মোচন কৰিলে সন্ত্ৰাস জৰ্জৰিত আফগানিস্তানৰ জনতাৰ দুখ-দুৰ্দশাৰ প্ৰকৃত ছবি। বিগত ২৫ আগষ্টত সম্প্ৰচাৰিত অনুষ্ঠানটোত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথম ভাৰতীয় সংবাদ মাধ্যম হিচাপে জি নিউজে সংবাদদাতা আনাছ মালিকৰ সহযোগত সংকটাপন্ন দেশখনৰ পৰা লাইভ অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোত সম্প্ৰচাৰিত তালিবানৰ নিৰ্মম শাসনৰ পৰা ৰক্ষা পাবলৈ দেশ এৰি পলাই যোৱাৰ উদ্দেশ্যে বিমানবন্দৰত ভিৰ কৰা দুৰ্ভগীয়া আফগানী জনতাৰ কৰুণ দৃশ্যবোৰে এতিয়া ভৱাই তুলিছে সকলোকে। দেশ এৰাৰ শেষ সীমা সময়সীমা অৰ্থাৎ ৩১ আগষ্ট ওচৰ চাপি অহাৰ লগে লগে এতিয়া হাহাকাৰ লাগিছে আফগানিস্তানত। বৰ্তমানেও কাবুল বিমানবন্দৰৰ বাহিৰত হাজাৰ হাজাৰ লোকে ভিৰ কৰি আছে। অনুমান কৰা হৈছে যে প্ৰায় দহ লাখ মানুহে আফগানিস্তান এৰিব বিচাৰে। কিন্তু ২৫ আগষ্টৰ সন্ধিয়ালৈকে মাত্ৰ ৮২৩০০ লোককহে স্থানান্তৰ কৰা হৈছিল। এই লোকসকলৰ বেছিভাগেই বিদেশী নাগৰিক বা অন্য কোনো দেশৰ ভিছা থকা লোক।
আফগানিস্তানৰ সাধাৰণ মানুহে নৰক সদৃশ পৰিস্থিতিত কাবুল বিমানবন্দৰৰ বাহিৰত অপেক্ষা কৰি আছে। এই লোকসকলৰ বহুতে আনকি লেতেৰা নলাৰ মাজেৰে পাৰ হৈয়ো বিমানবন্দৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।
আফগানিস্তানত এতিয়া এনে বহুতো লোক আছে যাৰ পানী বা খাদ্য ক্ৰয় কৰিবলৈ হাতত আৰু এটকাও সাঁচতীয়া ধন নাই। আনকি বিমানবন্দৰৰ বাহিৰত উপলব্ধ পানী ক্ৰয় কৰিবলৈও অসমৰ্থ আফগানিস্তানৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনতা।
কাবুল বিমানবন্দৰৰ বাহিৰত এতিয়া এটা পানীৰ বটলৰ মূল্য ৪০ আমেৰিকান ডলাৰ অৰ্থাৎ প্ৰায় ৩ হাজাৰ টকা আৰু এক প্লেট ভাতৰ মূল্য ১০০ আমেৰিকান ডলাৰ অৰ্থাৎ সাত হাজাৰ টকা। তাতোকৈয়ো উদ্বেগজনক কথা এইটোৱেই যে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰা অৰ্থাৎ ডলাৰ থকা লোকসকলেহে এই পানী আৰু খাদ্য ক্ৰয় কৰিব পাৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাবুল বিমানবন্দৰৰ বাহিৰত এতিয়াও ৫০ হাজাৰৰো অধিক লোকে অপেক্ষা কৰি আছে। ইয়াৰ বাবে ইমান ভয়ংকৰ ট্ৰেফিক জামৰ সৃষ্টি হৈছে যে বিমানবন্দৰত উপস্থিত হোৱাটো প্ৰায় অসম্ভৱসম হৈ পৰিছে।
জি মিডিয়া দলটোৱে কাবুল বিমানবন্দৰত কেইবা ঘণ্টা সময় অতিবাহিত কৰিছিল। বিমানবন্দৰৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি লাভ কৰা লোকসকলে আনকি ৰাণৱেতো ভিৰ কৰিছিল।
কিন্তু প্ৰশ্ন হয় – আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ মেৰপাকে বিধ্বস্ত কৰা আফগানিস্তানৰ সাধাৰণ জনতাৰ খবৰ ল’ব কোনে?
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.