আফগানিস্তান ইছলামিক সন্ত্ৰাসবাদৰ নতুন ঘাটি হ’ব নেকি ?

Share This Article

তালিবানৰ পুনৰুত্থানত সুখী হৈ পৰিছে আল কায়দাৰ সমৰ্থকসকল। তালিবানৰ কাবুল দখলক ঐতিসাহিক জয় আখ্যা দিছে আফগানিস্তানৰ সুদূৰ প্ৰান্ত  কুণাৰত বাহৰ পাতি থকা আল কায়দাৰ সমৰ্থকসকলে।ইয়াৰ লগে লগে আশংকা কৰা হৈছে যে বিশ্বৰ সকলো কট্টৰ ইছলামিক মৌলবাদী সংগঠনৰ নতুন ঘাটি হৈ পৰিব নেকি আফগানিস্তান ?

আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে উৎসাহী হৈ পৰিছে বিশ্বৰ সকলো ইছলামিক মৌলবাদী সংগঠন ৷ আনকি ইৰাক আৰু ছিৰিয়াত পৰাজয়ৰ সন্মুখীন হোৱা বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আই এছ দৰে মৌলবাদী শক্তিয়েও যেন পুণৰ খোপনি পুতিবলৈ নতুন ঠাই বিচাৰি পাইছে ৷ তালিবানৰ পুণৰ উত্থানৰ লগে লগে আল – কায়দাই আকৌ নতুন জীৱন লাভ কৰাৰ সম্ভাৱণা উজ্জ্বল হৈ উঠিছে ৷আফগানিস্তানৰ ইতিহাসলৈ লক্ষ্য কৰিলেই এই আশংকা ঘণীভূত হৈ পৰে ৷ কিয়নো  ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবানে আফগানিস্তান শাসন কৰিছিল। সেই সময়ছোৱাত তালিবানে ওচামা বিন লাদেন নেতৃত্বধীন আন এক শক্তিশালী সন্ত্ৰাসবাদী সংগঠন আল কায়দাক আফগানিস্তানত বাহৰ পাতিবলৈ সন্মতি প্ৰদান কৰিছিল।কেৱল সন্মতি প্ৰদান কৰাই নহয় , আফগানিস্তানৰ ভূমিত পৰিকল্পনা কৰিয়েই আল কায়দাই ২০০১ চনত আমেৰিকাত সংঘটিত কৰিছিল ৯/১১ৰ কুখ্যাত সন্ত্ৰাসবাদী আক্ৰমণ। সেই আক্ৰমণত প্ৰায় তিনিহাজাৰ আমেৰিকান নাগৰিক মৃত্যুমুখত পৰিছিল। আল কায়দাৰ এই কামত সহায় কৰিছিল তেতিয়া  আফগানিস্তানৰ শাসনত থকা তালিবান চৰকাৰে।

এতিয়া আকৌ তালিবান শাসনলৈ অহাৰ লগে লগে পশ্চিমীয়া দেশসমূহৰ দু:শ্চিন্তা বৃদ্ধি পাবলৈ ধৰিছে ৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ক’বলগীয়া হৈছে যে আফগানিস্তান আকৌ যাতে সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত নহয় , তাৰ বাবে পশ্চিমৰ দেশসমূহ একগোট হোৱাৰ সময় আহি পৰিছে ৷ কেৱল ব্ৰিটেইনেই নহয় ,প্ৰতিখন পশ্চিমীয়া দেশৰ বাবে তালিবান  হৈ উঠিছে  নতুন এক দু:শ্বপ্ন ৷ আফগানিস্তানত বাহৰ পাতি সন্ত্ৰাসবাদীয়ে সেই দেশসমূহত আক্ৰমণ কৰাৰ সম্ভাৱণা প্ৰবল ৷ কাৰণ , তালিবান হ’ল কঠোৰ ইছলামিক আইন শাৰিয়াৰ পৃষ্ঠপোষক ৷ এই আইনৰ মতে তালিবানৰ মূল উদ্দেশ্য কেৱল আফগানিস্তানৰ ভিতৰত শাসন কৰা নহয় , সমগ্ৰ বিশ্বত তেওলোকৰ শাসন বিয়পাব খোজে ৷ তদুপৰি ,  আল কায়দা আৰু তালিবান এই দুয়োটা সন্ত্ৰাসবাদী সংগঠনেই পশ্চিমীয়া দেশৰ   বিৰোধী। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ এই দুই সংগঠনৰ প্ৰধান শত্ৰু। ইয়াৰ একমাত্ৰ কাৰণ হল আল কায়দা আৰু তালিবানক আজিৰ পৰা ২০ বছৰ আগতে আফগানিস্তানৰ মাটিতেই অস্থায়ী ৰূপত হলেও উৎখাত কৰি দিছিল আমেৰিকাই। তেতিয়াৰে পৰা আল কায়দাই  নিজৰ ঘাটি পুনৰ স্থাপন কৰিবৰ বাবে ইছলামিক শাসন থকা ঠাইৰ সন্ধানত আছিল। শেহতীয়াকৈ তালিবানৰ আফগানিস্তান দখলে  আশাৰ বাট মুকলি কৰিছে আল কায়দাৰ সমৰ্থক সকলৰ। এছিয়া পেছিফিক ফাউণ্ডেশ্যনৰ মতে আফগানিস্তানৰ কুণাৰ প্ৰান্তত আল কায়দাৰ ২০০ ৰ পৰা ৫০০ সমৰ্থক এতিয়াও সক্ৰিয় হৈ আছে ৷ এতিয়া সুযোগ বুজি তেওলোকে নিশ্চয় নিজৰ শক্তি সামৰ্থ বৃদ্ধি কৰিবলৈ চেষ্টা চলাব ৷

সেইবাবেই এতিয়া আফগানিস্তান ইছলামিক সন্ত্ৰাসবাদীৰ নতুন ঘাটিত পৰিণত হোৱাৰ আশংকা কৰা হৈছে ৷ তাৰ লগে লগে প্ৰশ্ন হয় , কি  হ’ব আফগানিস্তানৰ নাগৰিক সকলৰ ভৱিষ্যত ? আফগানিস্তানৰ নীৰিহ নাগৰিকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিবনে বিশ্ব সম্প্ৰদায়ে ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.