আফগানিস্তানত এয়া কি হৈছে? কিয় মচি পেলোৱা হৈছে দেৱালত থকা নাৰীৰ প্ৰতিচ্ছবি?

Share This Article

আফগানিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম Tolo Newsৰ মুৰব্বী লোটফুল্লাহ নাজাফিজাদাই টুইটযোগে মুকলি কৰিছে এখন ফটো। ফটোখনত তালিবান কাবুলত প্ৰৱেশ কৰাৰ কেইঘণ্টামান পিছৰ দৃশ্য দেখা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি ফটোখনত এজন লোকে আফগানিস্তানৰ দেৱালত থকা নাৰীৰ প্ৰতিচ্ছবি মচি আছে বুলি জানিব পৰা গৈছে। তালিবানে আফগানিস্তানৰ ডাঙৰ চহৰ আৰু প্ৰাদেশিক অঞ্চলসমূহত সামৰিক অভিযান অব্যাহত ৰাখিছে। দেশখনৰ দুই-তৃতীয়াংশ অঞ্চল এতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছে। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে তালিবানী শাসনত মহিলা আৰু ছোৱালী আটাইতকৈ বেছি অসুৰক্ষিত। ইয়াৰ মাজতে লোটফুল্লাহে মুকলি কৰা এই ফটোখনে চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.