উত্তপ্ত মেঘালয় : মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ দুৰ্বৃত্তৰ

Share This Article

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে মেঘালয়। কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহ । সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই ৰক্ষা পৰে তেঁওৰ পৰিয়াল। ঘটনাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিগত বাসগৃহত নাছিল কোনো লোক । বিগত ২৪ ঘণ্টাত সান্ধ্য আইন বলৱৎ থকাৰ পাছতো বহু বিক্ষিপ্ত ঘটনাই জোকাৰি গৈছে ৰাজ্যখন । উল্লেখ্যযোগ্য যে অগ্নিসংযোগৰ খবৰ লাভ কৰাৰ পাছতে ৰাজ্যখনৰ কেইবা ঠাইতো কৰ্তন কৰা দিয়া হৈছে ইন্টাৰনেট সেৱা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.