লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও জনাব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰখনে ৷অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰম্বাৰ একেটা কথাই ঘোষণা কৰি আহিছে যে কোভিড সংকটৰ মোকাবিলা কৰা সময়ত দৰিদ্ৰ লোকসকলেই হ’ল চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ ৷ কিন্তু ক’ৰোণা কালত দেশত দৰিদ্ৰৰ সংখ্যা কিমান তাকেই নাজানে মোদী চৰকাৰে ৷শেহতীয়াকৈ সংসদত এক প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰিছে যে মহামাৰীৰ সময়ত দেশত গৰীৱৰ সংখ্যা কিমান , তাৰ কোনো চৰকাৰী হিচাপ নাই ৷ চৰকাৰৰ যুক্তি ,” দৰিদ্ৰৰ চৰকাৰী হিচাপ এটা পৰিয়ালৰ ব্যয়ৰ পৰিমাপৰ ওপৰত নিৰ্ভৰশীল ৷ পৰিসংখ্যা বিভাগৰ নেচনেল চেম্প’ল চাৰ্ভে অৰ্গেনাইজেশ্যনে এই কাম কৰে ৷ কিন্তু ২০১১-১২ চনৰ পাছত এই সমীক্ষাৰ কোনো প্ৰতিবেদন প্ৰকাশ পোৱা নাই ৷ বিত্ত মন্ত্ৰালয়ৰ দাবী-যথাসমত সমীক্ষা হ’ব ৷ অতিমাৰী পৰিস্থিতি স্বাভাৱিক হোৱাৰ ওপৰতে সেয়া নিৰ্ভৰ কৰিছে ৷
ধনকুবেৰ কিমান ?
দৰিদ্ৰ লোকৰ হিচাপ নাথাকিলেও ধনকুবেৰৰ হিচাপ ঠিকেই ৰাখিছে কেন্দ্ৰীয় চৰকাৰখনে ৷ বিত্ত মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত ১৩৬ গৰাকী লোকৰ আয় আছিল বছৰি ১০০ কৌটি টকাৰ অধিক ৷ ২০১৯-২০ বৰ্ষত এই পৰিসংখ্যা আছিল ১৪১ গৰাকী ৷ ২০১৮-১৯ ৰ ৭৭ গৰাকীৰ তুলনাত প্ৰায় দুগুণ ৷
কিয় দৰিদ্ৰৰ সংখ্যা নজনায় চৰকাৰে ?
সাধাৰণতে ৫ বছৰৰ মূৰে মূৰে এন এছ ওৱে দেশৰ জনসাধাৰণৰ মাহিলী ব্যয়ৰ সমীক্ষা চলায় ৷২০১১-১২ চনত এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছিল ৷ ২০১৬-১৭ বৰ্ষত নিয়ম অনুসৰি আকৌ সমীক্ষা হয় ৷ কিন্তু চৰকাৰে আজিও সেই প্ৰতিবেদন ৰাজহুৱা নকৰিলে ৷ তাৰ পাছত সংবাদমাধ্যমত প্ৰতিবেদনৰ এটা অংশ ফাদিল হয় ৷ যাৰ বাবে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰ অস্বস্তিৰ সন্মুখীন হয় ৷ ইয়াৰ পাছতে পৰিসংখ্যা মন্ত্ৰালয়ে ঘোষণা কৰে যে সমীক্ষাত ত্ৰুটি আছিল ৷ সকলো ত্ৰুটি শুধৰাই ২০২০-২১ বা ২০২১-২২ বৰ্ষত প্ৰকাশ কৰা হ’ব ৷ এতিয়া আকৌ একেটা বিভাগেই কৈছে যে এই বছৰ সমীক্ষা হোৱাৰ আশা ক্ষীণ ৷ কোভিডৰ প্ৰকোপ কমিলে অহা বছৰ এন এছ ওৰ সমীক্ষা হোৱাৰ সম্ভাৱণা আছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post