তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

Share This Article

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ চহৰ হেৰত আৰু কান্দাহাৰতো আধিপত্য বিস্তাৰ কৰিছে ৷  আমেৰিকান চোৰাংছোৱা সংস্থাই সদৰী কৰা তথ্য অনুসৰি তালিবানী বিদ্ৰোহী একেই গতিত অগ্ৰসৰ হ’লে ৯০ দিনত ভিতৰত কাবুল অধিগ্ৰহণ কৰিব ৷উল্লেখ্য যে আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে তালিবানে পুণৰ মূৰ দাঙি উঠিছে আৰু দেশখনৰ সেনাবাহিনীৰ লগত মুকলি সংঘৰ্ষত লিপ্ত হৈছে ৷সেনাবাহিনীক পৰাজিত কৰি ইখনৰ পাছত সিখন চহৰত আধিপত্য স্থাপন কৰি গৈছে ৷ এনে পৰিস্থিতিত আফগানিস্থানস্থিত আমেৰিকান এম্বেছীত কৰ্মৰত নিজ দেশৰ নাগৰিকসকলক সুকলমে ওভতাই নিবলৈ আমেৰিকাই সেনাৰ ৩০০০ ট্ৰুপ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে ৷ ব্ৰিটেইনেও নিজ দেশৰ নাগৰিকক ওভতাই নিবলৈ আফগানিস্তানলৈ প্ৰেৰণ কৰিব ৬০০ ট্ৰুপ ৷

ভাৰত আৰু তালিবানৰ মাজৰ সম্পৰ্ক কেনেকুৱা ?

১৯৯৯ চনত ভাৰতৰ পৰা অপহৰণ কৰা হৈছিল এখন যাত্ৰীবাহী বিমান ৷ এই বিমানখন অপহৰণৰ পাছত লৈ যোৱা হৈছিল কান্দাহাৰ বিমান বন্দৰলৈ ৷ কান্দাহাৰ সেই সময়ত তালিবানৰ দখলত আছিল ৷ অপহৃত যাত্ৰীসকলৰ মুক্তিৰ বিষয়টোত মধ্যস্থতাও কৰিছিল তালিবানেই ৷ যাত্ৰীসকলৰ মুক্তিৰ বিনিময়ত সেই সময়ত ভাৰতে মুকলি কৰি দিবলগীয়া হৈছিল তিনিজনকৈ সন্ত্ৰাসবাদীক ৷ইয়াৰ পূৰ্বে ১৯৯৬ চনত তালিবানে দেশখনৰ ক্ষমতা দখল কৰাৰ পাছত ভাৰতীয় কূটনীতিকসকলে দেশ এৰি আহিবলগীয়া হৈছিল ৷ সেয়ে ভাৰত আৰু তালিবানৰ মাজৰ সম্পৰ্ক সদায় তিক্ততাপূৰ্ণ ৷২০০১ চনত পুণৰ ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক যেতিয়া আৰম্ভ হ’ল , তেতিয়া আমেৰিকাৰ সেনাই তালিবানৰ ঘাটিত আক্ৰমণ আৰম্ভ কৰিলে ৷ সেই সময়ত তালিবানে পিছ হুহুকিবলৈ বাধ্য হয় ৷ তেতিয়াৰে পৰা ভাৰতে আফগানিস্তান চৰকাৰৰ লগত সহযোগিতাৰে কাম কৰি আহিছে ৷ কেৱল ২০২০ চনতে ভাৰতে আফগানিস্তানত ১৫০ টা নতুন প্ৰকল্প ৰূপায়নৰ কথা ঘোষণা কৰিছিল ৷ইয়াৰ পূৰ্বে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানৰ নতুন সংসদ ভবনো উদ্বোধন কৰিছিল ৷ অৰ্থাৎ ভাৰত আৰু আফগানিস্তান চৰকাৰৰ মাজত দীৰ্ঘদিন ধৰি ভাল সম্পৰ্কই চলি আহিছিল ৷ কিন্তু পুণৰ তালিবান শক্তিশালী হৈ উঠাত ভাৰত আকৌ এক নতুন সংকটৰ সন্মুখীন হৈছে ৷

নতুন পৰিস্থিতিত ভাৰতৰ ভূমিকা কি হ’ব ?

বিগত ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু তালিবানৰ মাজত বুজাবুজি হোৱাৰ পাছতে আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰে ৷ ইয়াৰ পাছতে তালিবানী বিদ্ৰোহীয়ে পুণৰ মূৰ দাঙি উঠে ৷ কিন্তু ভাৰত তালিবানৰ লগত বুজাবুজি কৰিবলৈ মুঠেও ইচ্ছুক নহয় ৷যোৱা মাহত ইউৰোপীয় সংঘৰ উপাধ্যক্ষ বোৰবেলৰ সৈতে এক যুটীয়া বিবৃতি জাৰি কৰি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট কৰি দিছিল যে ভাৰতে কোনো কাৰণতে “ইছলামিক অমিৰত “ ৰ সমৰ্থন নকৰে ৷নিজকে ‘ইছলামিক অমিৰত অৱ আফগানিস্তান ‘ বুলি পৰিচয় দিয়া তালিবানৰ সমৰ্থনত ভাৰত নাই ৷কিন্তু শেহতীয়া পৰিস্থিতিত ভাৰতে বিষয়টো নতুনকৈ বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে ৷ ভাৰতে হয়তো তালিবানৰ লগত আফগান চৰকাৰৰ বুজাবুজি হোৱাটো বিচাৰিব কিন্তু তালিবানে চৰকাৰ দখল কৰা বিষয়ত সমৰ্থন নিদিব ৷

পাকিস্তানৰ স্থিতি কি ?

যেতিয়ালৈকে আফগানিস্তানত তালিবান প্ৰভাৱশালী আছিল , তেতিয়ালৈকে দেশখনত পাকিস্তানৰ প্ৰভাৱো যথেষ্ট আছিল ৷ কিন্তু ৯/১১ ৰ আক্ৰমণৰ পাছৰে পৰা পৰিস্থিতি সলনি হ’বলৈ ধৰে ৷ আফগানিস্তানত গঠন হয় নিৰ্বাচিত চৰকাৰ ৷নতুন চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা পাকিস্তানৰ প্ৰভাৱ সীমিত হৈ পৰে ৷  পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ‘দ্য ৱাছিংটন পোষ্ট’ত  লিখা এটা প্ৰবন্ধত উল্লেখ কৰিছে যে  পাকিস্তানে আফগানিস্তানত গৃহযুদ্ধ বিচৰা নাই ৷ আলোচনাৰ জড়িয়তে শান্তি বিচাৰিছে ৷ পাকিস্তানে আফগানিস্তানত এনে এখন চুক্তি বিচাৰিছে যাতে দেশখনত দুটা দশকলৈ শান্তি স্থায়ী হয় ৷ মধ্য এছিয়াৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নত হোৱাটো বিচাৰিছে , যাতে ব্যৱসায় – বাণিজ্যৰ পৰিসৰ বৃদ্ধি হয় ৷ কিন্তু আফগানিস্তানত গৃহযুদ্ধৰ সূচনা হ’লে সকলো লোকচানৰ সন্মুখীন হ’ব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.